মহাবিদ্যালয়ৰ হীমপ্ৰিয়া বৈশ্য --- ধনঞ্জয় কুৰ্মী

মহাবিদ্যালয়ৰ সুহৃদ
হীমপ্ৰিয়া বৈশ্য
আপোনাক কেইটামান কথা কোৱাৰ খুবেই প্ৰয়োজন হৈ পৰিছে-
জানে
মোৰ মনৰ শব্দকোষত
মাথোন
হীমপ্ৰিয়া হীমপ্ৰিয়া হীমপ্ৰিয়া
আপোনাৰ বা কি...!
সাগৰিকা বৰদলৈৰ সংবাদৰ আশাত আজিও প্ৰণৱ দা...
(কুশলে আছানে)
আপোনাক এপলক চোৱাৰ হেপাহত
কলেজপ্ৰিয় মই
(এপলক চালে কষ্ট যন্ত্ৰণা হয় আৰু দেওবাৰটো বৰ বেদনা দায়ক)
জনেনে
আপোনাৰ ৰেচ্মী চুলিৰ পৰষ পাই বতাহে
মোৰ দুচকুত গুণগুণাই
দিশহাৰা পক্ষীৰ গান

আপোনাৰ চকু আৰু মোৰ চকুৰ মিলনত
অনুভূত হয় বৈদ্যুতিক ঝংকাৰ
আপুনি কি বিচাৰে তেতিয়া
নাজানো
আপোনাক মই কি ক'ব খোজো...
দান্তেৰ দশা নহয়তো মোৰ
হীমপ্ৰিয়া ।।

হীমপ্ৰিয়া
আপুনি জানি হয়তো সুখী হ'ব
আপোনাৰ হাঁহিত অনুভূতি হয় স্বৰ্গীয় সুখৰ
বসন্তৰ কুমলীয়া কুঁহিপাতেৰে
বুকুখন উপচি পৰে ।।

অ...
আপোনাক এষাৰ কথা সোধো
আপুনি প্ৰেমৰ কথা ভাৱে নে
হে লাজ লাগে ক'বলে,
আপুনি মোৰ জীৱনত সাঙুৰ খাই পৰিছে
ইয়াকে কয় ন প্ৰেম ভালপোৱা

হীমপ্ৰিয়া আপোনাৰ মন নাযায় নে
কলেজ লাইবেৰীত
এ-কা-ন্ত ভাৱে বহাৰ
নতুবা
কলেজৰ গছ জোপাবোৰৰ তলত বহি
জোনাকী সপোন ৰচাৰ...
আপোনাৰ
আৰু
মোৰ

আপোনাৰ ভাবনাত মই যেন
মই যেন ৰমন্যাস ৰচো হীমপ্ৰিয়া
হীমপ্ৰিয়া আপোনাৰ হৃদয়ত
মোৰ হৃদয়ে টোকৰ দিছেনে বাৰু
মই সুযোগ্য হওনে হীমপ্ৰিয়া
আপোনাৰ হৃদয়ত বসবাস কৰিবলৈ

মই আশাৰত হীমপ্ৰিয়া
আপোনাক, আপোনাৰ আপোন হৈ
মৰমেৰে "তুমি" ক'বলৈ ।

( কলেজত সচা প্ৰেমত পৰা সকলো প্ৰেমিকৰ হাতত...)

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: অসমীয়া কৌতুক
মুঠ পঢ়ুৱৈ সংখ্যা:1,864
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,044
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,334
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,982
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,137
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,463