মানৱতাৰ --- মৃদুল শইকীয়া (মৃদু জোনাক পয়োভৰ)

->ঐ লৰাটো ! সোনকাল কৰ |কিমান সময় লবি আৰু ? সাউতকৈ বেটাৰ জোতাযোৰ আনি দে
|অ' অ' বিচনাত থোৱা কিতাপখিনী বেগটোত ভৰাই দে যা...
পিন্টুৰ কিতাপকেইখন দেখি মোৰ বৰ ইৰ্ষা হয় |মইয়ো যদি এনেকৈ স্কুল যাব পালো
হয় !এই আখৰবোৰ পঢ়িব পাৰিলো হয় ! কিতাপকেইখন লিৰিকি বিদাৰি স্কুলবেগটোত
ভৰাই দিলো |
->ঐ লৰাটো ?? ইমান পৰ লাগে নে ? বাছ আহিলেই লৈ আহ বেগটো...
দৌৰি গৈ বেগটো বাইদেউৰ হাতত দিলো |
->যা, বাচন কেইটা ধুই লগৈ |বাৰ্থৰুমৰ কাপোৰ কেইটাও ধুই দিবি...
দুচকুৰ অশ্ৰুৱেই যেন মোৰ জীৱনৰ সাৰথি |পিতাই অ' , তইনো বাৰু মোক কিয় ইয়ালৈ পঠালি...
চাবোনৰ ফেণৰ সতে উটুৱাই দিয়াৰ প্ৰয়াস কৰিছো মোৰ মনৰ বিষাদৰ ধুমুহাজাকক |
নিজৰ বুলিবলৈ মোৰো আই পিতাই আছে তথাপিও আজি মই ইমান অকলশৰীয়া কিয় ??
->এইকেইটা কাপোৰ ধুওঁতে আৰু কিমান পৰ লগাবি ?সোনকালে ধু ...চাৰৰ অফিচৰ
টাইম হৈছে ,জোতাযোৰ পলিচ কৰিব লাগে...
এনেদৰেই ব্যস্ততাৰে পাৰ হয় মোৰ দিনবোৰ |পুৱা শুইউঠাৰ পৰা ৰাতি চাৰ
বাইদেউ বিচনালৈ নোযোৱালৈকে মোৰ যেন কামৰ আহৰি নাই |
এনেকৈয়ে দিনবোৰ বাগৰিচে |বিহুলৈ মাত্ৰ কেইটামান দিন বাকী |এইবাৰ বিহুত
ঘৰলৈ যাম বুলি ভাবিছো |ইয়ালৈ অহাৰপৰা এবাৰো ঘৰলৈ যোৱা নাই |আজি কথাটো চাৰ
বাইদেউক কব লাগিব |
->ঐ যাচোন ,চাৰৰ টেবুলত চাহ কাপ দি আহ..
চাহকাপ লৈ মই চাৰৰ ৰুমৰ দিশে খোজ দিলো |এইয়াই সুযোগ বাইদেউ নাথাকোতে চাৰক
কথাটো কওঁ...
>চাৰ চাহ
->>ইয়াতে থ
কওঁ নকওঁকৈ ভয়ে ভয়ে কলো -
"চাৰ ! বিহুত ঘৰলৈ যাওঁ বুলি ভাবিছো |"
->>নোৱাৰ যাব | বাইদেউৱে ইমানবোৰ কাম অকলে কেনকে কৰিব ?
>বহু দিন হল ঘৰলৈ নোযোৱা |মাত্ৰ দুদিনমানৰ কাৰনে যাম |
->ঐ...!! কত যোৱাৰ কথা কৈছ হা...? ঘৰ যাৱ !তোক মই অলপ আগতে কি কৈছিলো
পাহৰিলি হা...!!!
!!!! ঠাচ !!!!
বাইদেউৰ প্ৰহাৰত মোৰ হাতখন টেবুলত থকা চাহকাপটোত পৰিল |চহখিনী কাষত থকা
বহীখনত সিঁচৰিত হৈ পৰিল |
চাৰে কোৱা শুনিলো -"হেৰা কি কৰিলা হে... ??মোৰ নোটটো শেষ কৰি দিলা |শিশু
শ্ৰমিকৰ ওপৰত নোট এটা লিখিছিলো |এতিয়া কাইলৈ মিটিঙত কি ভাষণ দিম......

___"ঐ দোষ্ট উঠ !! কি ভূৰ ভূৰাই আছ ??"
ৰুম মেটটোৰ মাতত মই সাৰ পালো |দেখো পঢ়া টেবুলতে এঘুমতি মাৰিলো |
~"আবে কান্দিচ যে, কি হল ? কিবা লাফৰা হল নি বে ??"
মই নিমাত |সঁচাকৈ সপোনেও মানুহক কন্দুৱাই |অতপৰে মই সপোনহে দেখিছিলো |ভাল
বাছিলো দেই...! মোৰ অৱস্হা শিলপৰা কপৌ যেন হল |যেন কিবা ডাঙৰ বিপদৰ পৰাহে
ৰক্ষা পৰিলো |
মোৰ বাবে এইটো সপোন আছিল তথাপিও মই ভয় কৰিলো কিন্তু আমাৰ সমাজত থকা হাজাৰ
হাজাৰ শিশু শ্ৰমিক.....??? ইহঁতেতো নিতৌ এনে পৰিস্হিতিৰ সতে যুঁজি কিমান
কষ্টত জীবলৈ শিকিছে.... আমি এবাৰলৈয়ো বুজিবৰ চেষ্টা কৰা নাই |আমি বাৰু
মানৱতাৰ একেবাৰে চৰম সীমাত উপনীত হৈছোনি ?
কেইদিনমান পূৰ্বে এই বিষয়ে বাতৰিত প্ৰচাৰ চলিছিল কিন্তু আমি কোনে কি
কৰিলো ?নিউজ চেনেল কেইটাই কেইদিনমান একেলেঠাৰীয়ে প্ৰচাৰ কৰিলে |তাৰ পাছত
সকলো স্বাভাৱিক হৈ গল |
বৰ্তমানেও আমাৰ মাজত বহু শিশু শ্ৰমিক আছে |তাৰে কিছুমান আমি সদায় দেখিয়ে
থাকো |পিছে সিঁহতলৈ সহায়ৰ হাত আগবঢ়াবলৈ আমি আগ্ৰহী নহয় |
সম্ভৱত মই দেখা সপোনতোৱে আমাক সকলোকে আকৌ এবাৰ দেখা দি যাব লাগিব
!তেতিয়াহে চাগৈ এপলৰ বাবে হলেও আমি হিঁহতৰ দুখ কষ্টবোৰ অনুভৱ কৰিব পাৰিম
|তেতিয়াহে সলনি হব সকলো |আমাৰ হৃদয়ত তেতিয়াহে সজীৱ হব মানৱতা |পুনৰ গঢ় লৈ
উঠিব যোগ্য ভোগ্য বসুন্ধৰাই....

+++++++++++++++++++++++++++++++++

লিখক :: মৃদুল শইকীয়া (মৃদু জোনাক পয়োভৰ)
ঠিকনা :: বকুলনি, দুলিয়াজান

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,718
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,243
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:852
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,868
শিতান: আমাৰ গাঁও
মুঠ পঢ়ুৱৈ সংখ্যা:3,334
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,140