হয়তো নহা হলেওঁ ভাল আছিল
এই পৃথিৱীলৈ মায়াময় পৃথিৱীৰ মায়াত
বন্দী হলোহি কিয় ?
দুখৰ মাজতে পোৱা ক্ষন্তেকীয়া সুখৰ ছাঁই
আকোঁৱালি লোৱা চকামকা প্ৰাপ্তিৰ ক্ষণবোৰ সামৰি সুতৰি আকৌ
অহাবাটে যাবৰ হ'ল আধৰুৱা কৰমৰ ভাৰবান্ধি লই অচিন ঠাইলৈ !
জীৱনৰ এই অহা যোৱাৰ পৰিক্ৰমাত আমাৰ শোকগাথাৰ চাকনৈয়াত
জীৱন ধুৱলি কূৱলি হয়
আহিব লগা হয় এই অকনমাণি সুখৰ বাবে বাৰে বাৰে
এই পৃথিৱীলৈ ...?