মোৰ পদূলিত জোনাক নামিছিল --- সঞ্জীৱ গগৈ

পাহৰিছো সেইসময়

মোৰ পদূলিত জোনাক নামিছিল

খিৰিকীৰে জুমি চাইছিলো

লিখিছিলো ভাল লগা কবিতা

সেউজী দুৱৰিত নিয়ৰে চুমা দিয়াৰ সময়ত

সন্তপণে মোৰ মনত স্থিতি লৈছিল

এখন আশাৰ ছবি

সেউজ হৈ পৰিছিল উদং পথাৰ

নি:শব্দে নীৰলে মাজৰাতি চাইছিলো

তৰাভৰা আকাশ

উটি গৈছিলো কল্পনা সাগৰত

সাঁজিছিলো জোনবাইৰ দেশত ঘৰ গাইছিলো প্ৰেমৰ গান

শব্দবোৰ কমি গৈছিল

বুজাবলৈ অনুভূতি

পাৰ কৰিছিলো বিষাদ বিহীন এটি এটি ৰাতি

হঠাৎ আকাশখন গোমা

নাই জোনাক নাই তৰা এতিয়া

মোৰ পদূলিত জোনাক নামামে

সেউজীয়াবোৰ মৰহী গ'ল

থমকি ৰ'ল কলম

সুখৰ পোছাকযোৰ খুলি

পিন্ধিলো দুখৰ বনিয়ন

লিখিলো একলম হিয়া উজাৰি

বিষাদ অৰণ্যৰ কোনোবা নিজনতাত বহি

তোমালৈ বুলি ...

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,118
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,356
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,138
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,765