এদিন হৰ্ঠাত জৰুৰী কামত Gandhidham ৰ পৰা Ahmedabad লৈ আহিব লগা হ'ল ৷ চৰকাৰি বাছেৰে ৷ ( চৰকাৰি বাছ সেৱা(GSRTC) বৰ সুপৰিকল্পিত আৰু সুন্দৰ ৷ ৰাস্তা পদুলি যথেষ্ট উন্নত৷ সেয়েহে এদিন বাছেৰে গুজৰাতৰ পৰা পুনে লৈও যাত্ৰা কৰিছিলো ) সেই দিনাখন সহযাত্ৰী হিচাপে এজন ডেকালৰা পিছৰ চিটত বহিলহি ৷ লগত দুটা বেগ ৷ সম্ভব অগুজৰাতি আছিল নেকি ...? কিছুদুৰ যোৱাৰ পাচত সকলো যাত্ৰী আচৰিত,ইটোৱে সিটোৰ মুখলৈ চাইছে | বাছ খনত এটি কুকুৰা পোৱালী ৷চিক চিক শব্দ ৷ পৰিচালকে বছ খন ৰখাবলৈ নিৰ্দ্দেশ দিছে | মনতে ভাবিলো কি হ'ব এতিয়া ৷ কুকুৰা পোৱালিটো ধৰি পৰিচালকজনে খঙেৰে মাত লগালে "কুকুৰা পুৱালিটো কোনে আনিছে কব লগে আৰু ভদ্ৰ ভাবে বাছৰ পৰা নামি জাবলৈ অনুৰোধ কৰিলে আৰু ক’লে বন্যা জীব-জন্তু যেনেকৈ ধৰা বা হত্যা কৰা মানা আছে থিক তেনেকৈ গাড়ীৰে নিয়াও মানা আছে ৷ ল’ৰাজনক আকৌ ক’লে "যাবৰ মন আছে যদি কুকুৰা পোৱালিটো সৌ বননী ডৰাত মেলি দিব পাৰা | উপায় নাপায় ল’ৰা জনে পোৱালিটো মেলি দিবলৈ বাধ্য হ'ল ৷ তাৰ পাচতহে বাছ খনে যাত্ৰা আৰম্ভ কৰিছিল | এজন সাধাৰণ শ্ৰেণীৰ চাকৰীয়াল বা সাধাৰণ নাগৰীক হৈও ঘৰচিয়া ই হওক বা বনৰীয়াই হওক, জীব সংৰক্ষনত ইমান সচেতন | মনটোক লাজ বোধে আবৰি ধৰিছিল ৷ অসমত চলি থকা গঁড় হত্যাৰ ঘটনাবোৰ মনলৈ আহিছিল | পৰিচালক জনলৈ চায়ে গন্তব্য থলি পাইছিলোগৈ | কিবা এটা সুখানুভুতিৰে মনটো ভাল লগাইছিল | এঁওলোক কিমান সচেতন চাওক |
#জুৰিটিৰ পাৰত কঁহুৱা ফুলিলে মন উতলা কৰে...............
এই গীতটি ৰ মাজত যি আবেগ, অনুভূতি জড়িত হৈ আছে,সেই আবেগৰ সুখানুভুতিয়ে নিশ্চয় মোৰ দৰেই আপোনালোকৰ ও মন প্ৰাণ উত্ৰাৱল কৰি থৈ যায় ।
.
আকাশৰ কলা ডাৱৰ বোৰো লাহে লাহে আঁতৰি গৈছে । সকলোতে এতিয়া শৰৎ শৰৎ লগা শাৰদীয় বতৰ । মোৰ হেঁপাহৰ শৰৎ ,তোমাক আন্তৰিকতাৰে স্বাগতম জনালোঁ ।
.
শৰৎ বুলিলেই মনলৈ আহে উৎসৱ মুখৰ পৰিৱেশ । শৰৎ হ’ল হেঁপাহৰ উৎসৱ । শৰতৰ আগমনীয়ে চৌদিশে আনন্দ ৰ লহৰ সিঁচৰতি কৰে দি যায় । শৰৎ ঋতুত প্ৰাণ পাই উঠে কবিৰ অনুভৱ। শাৰদী ৰাণীক লৈ কবি, গীতিকাৰ, সাহিত্যক সকলৰ বৰ্ণনাৰ অন্ত নাই , তেওঁলোকৰ কল্পনাই সৰগ ৰচে ।
.
শৰৎ সৌন্দৰ্য্য ৰ প্ৰতীক । শৰতৰ স’তে যেন শেৱালি ৰ এক আজন্ম সম্পৰ্ক । শেৱালিৰ সুবাসে শৰতৰ মাদকতা দুগুনে বঢ়ায় ।
.
পুৱতি নিশা শুভ্ৰ শেৱালিয়ে উকা চোতাল খন অধিক মোহনীয় কৰি তোলে । সেউজীয়া পথাৰ খনি ও যৌৱন প্ৰাপ্ত হয় শৰতৰ বুকুত ।
.
শৰৎ কেৱল এটা শব্দ বা ঋতু নহয় । শৰৎ হৈছে আনন্দৰ এখন নৈ, আশাৰ বতৰা কঢ়িয়াই অনা এটি সুখৰ প্ৰতীক ।
.
শৰৎ বুলি ক’লেই আপোনালোকৰ মনলৈ আহে নে এক অবুজ শিহৰণ ?
.
স্নিগ্ধ শেৱালি ফুলৰ সুবাসে মন মতলীয়া কৰে নে?
.
শেৱালি ফুলাৰ বতৰতে কঁহুৱা শুভ্ৰতাত আপোনালোক হৈ পৰে নে মোৰ দৰেই দিশহাৰা ?
.
দুৱৰিত বিচাৰি পাওঁ মই নিয়ৰৰ মুকুতা । দুবৰি বনৰ নিয়ৰৰ দলিছা গছকি শৰতৰ আগমন হয় । বিলীন হৈ যায় মন মোৰ সেই অপূৰ্ব সৌন্দৰ্য ত । শাৰদীয় জোনাকৰ স্নিগ্ধ পোহৰত হৃদয়ৰ অনুৰাগ প্ৰকাশিত হয় । দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে শিৰাই উপশিৰাই বৈ যায় শেৱালিৰ সুবাস ।
.