যাত্ৰা --- প্ৰদীপ দাস

এনেকৈয়ে আগোৱাই যায়
প্ৰতিটো দিন
কিম্বা ৰাতি,
উত্তৰণৰ সমল বিচাৰি
লোটপাট সমগ্ৰ ধৰিত্ৰী...!

বিপন্ন সময় নদীৰ সোঁতত
উতি যায় স্বপ্নৰ কাৰেং
আশাৰ পদূলিত তথাপি
থমকি ৰয়
প্ৰতিজন মানুহ...

কিবা এটা -
এই যে কিবা এটা কৰাৰ
কিবা এটা গঢ়াৰ
প্ৰবল কামনা !
মৃতুৎৰ শ্বাস্বত অভিজ্ঞতা থাকিও
অন্ধ প্ৰতিজনৰে দৃষ্টি
খোজে-খোজে
বিধ্বস্ততাৰ প্ৰাচীৰ নিৰ্মূল কৰি
নিজকে প্ৰতিষ্ঠা কৰিবলৈ
জ্ঞান, বুদ্ধি অথবা ছলনাৰ মন্তেৰে
অগ্ৰসৰ প্ৰতিজনৰে যাত্ৰা ...

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: অসমীয়া কৌতুক
মুঠ পঢ়ুৱৈ সংখ্যা:2,250
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,863
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:4,969
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:4,453
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,010
শিতান: আমাৰ গাঁও
মুঠ পঢ়ুৱৈ সংখ্যা:3,267