যিদিনা তোমাৰ সৈতে সম্পৰ্ক চিঙিব --- ৰঞ্জিত নাথ

তোমাৰ সৈতে থকা সম্পৰ্কৰ বাবেই

জীয়াই আছো মই

জীয়াই আছে

মোৰ আশা-আকাংক্ষা...

যিদিনা তোমাৰ সৈতে সম্পৰ্ক চিঙিব

ঠিক সেইদিনাই মৰহি যাব

মোৰ আশা-আকাংক্ষা

আৰু নিঃশেষ হৈ যাব সোণালী সপোন

তোমাৰ সৈতে থকা সম্পৰ্কৰ বাবেই

জীয়াই আছো মই

বিশাল পৃথিৱীতো

তোমাক সংগী কৰি...

যিদিনা তোমাৰ সৈতে সম্পৰ্ক চিঙিব

ঠিক সেইদিনাই আৰম্ভ হ’ব

মোৰ নিঃসংগ জীৱন

আৰু জীৱনৰ অন্তিম মূহুৰ্ত ...মৃত্যু ।।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,558
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,199
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,964
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,355
শিতান: আমাৰ গাঁও
মুঠ পঢ়ুৱৈ সংখ্যা:2,807