লাষ্ট ষ্ট'পেজ --- ৰাজীৱ কায়স্থ

ৰাতিপুৱাৰ
ৰক্তিম ৰবি
শুই আছে
দুস্বপ্নৰ মেঘৰ
মাজত

জোনৰ মুখাৱয়ত অশ্লীল কাজলৰৰ কৃষ্ণাংগ অন্ধিকাৰ প্ৰলেপ ।

উকি মাৰি জীৱন ওলাই গ'ল
ঘৰৰ পৰা
বাটত কলা
মেকুৰীৰ ক্ৰন্দুন

এডাল মৰা সাপ আৰু নষ্ট মূলৰ প্ৰতিকূল প্ৰবাল বতাহ ।

পিয়াহে বিচাৰে ৰক্তৰ পিয়লা
ভোকে বিচাৰে গৰীবৰ পুষ্টিহীন মঙহ ।

কোনোৱে প্ৰতিবাদ কৰিছে ইফালে কোনেৱে হত্যা কৰিছে সিফালে ।

কেওকাষ কোৰ্হালময়;
ভস্মভূত সময়ৰ ফুটছাই ।

মাটিত জাৰজৰ
বীজ ।

ধৰ্ষিতাবোৰ মৰুভূমিৰ মৰিচীকাত
আঠুত মুখ গুজি
বহি আছে ।

আন্দোলনৰ ব্যৰ্থ চিঞৰ
উচুপনি
হৈ উঠিছে ।

দৈনিকৰ মৰা শ
বোৰ গচকিয়ে সময়ে বিচাৰিছে লাষ্ট ষ্ট'পেজ ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: অসমীয়া কৌতুক
মুঠ পঢ়ুৱৈ সংখ্যা:2,250
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,863
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,170
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,472
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,088
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,710