শব্দবোৰে আহি যেতিয়া
মোক সোধেহি তুমি
আমাক লৈ কি লিখা
মই কওঁ লিখিবলৈ চেষ্টা
কৰো কিন্তু তোমালোক
সদায়েই আতঁৰলৈ গৈ
হাঁহি থাকা
কষ্ট পাওঁ তেতিয়া
হাহাঁকাৰ কৰি উঠে
ধৰি ৰাখিব নোৱাঁৰাৰ
দুখত মনৰ ডাৱবোৰ
মনতেই মাৰ যায়
গোপনে গোপনে
এটা বিননি বিয়পি
যায় হৃদয়ত ।।