শিল আৰু শিল্প --- ৰাজীৱ কায়স্থ

নগৰবোৰ হেনো
প্ৰাক প্ৰাচীনতাৰ
খণ্ডিত, বিখণ্ডিত
শিল ।
_
এই শিলৰ টান
জৰায়ু বাটেৰে শিল্প
শৈলিকতাৰ জন্ম ।
_
শিলৰ হাতবোৰে
যেতিয়া শিলবোৰৰ
গুপ্তাংগ চাবলৈ
সিহঁতক উলংগ
কৰিছিল নৈশ
এন্ধাৰত;
_
ভগ্নস্তূপৰ ছাইৰঙী
পখিলাবোৰ জাকি
মাৰি উৰি গৈছিল
বুটা বছা
আকাশখনলৈ ।
_
পোহৰ নামৰ বহু
স্বপ্নই জোনাকত
জলকেলি কৰি কৰি
মোক মাতি আছিল
সিহঁতৰ সতে
উমলিবলৈ ।
_
অটোপনিৰ গবাক্ষ
মেলি মই চাই
আছিলো পাহাৰৰ
সেউজীয়া চুলি,
নৈৰ ওঁঠ; আকাশী
ৰঙৰ ৰিহা....।
_
শামুক আৰু
মাছবোৰ পানীত
নামিছিল,
গাঁও গাভৰুৰ
বুকুৰ মেঠনিত
খলমলাইছিল শিল
কটা হাতৰ
আঙুলি মাছ ।
_
নগৰবোৰ হেনো
প্ৰাক প্ৰাচীনতাৰ
শিল ।

_
মোৰ বুকু বৈচাতো
কিছুমান শিল আছে
শিল্প নামৰ হাত
এখন থকা হ'লে...।
_

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: অসমীয়া কৌতুক
মুঠ পঢ়ুৱৈ সংখ্যা:1,096
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,749
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,783
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,436
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,543