শূণ্যতে এটা ঘৰ সাজিছো
সকলোৰে অলক্ষিতে সংগোপনে
বাবা, তোক লগপোৱাৰ হেপাহতে
মূৰ্ত পৃথিৱীৰ মোহৰ শিকলি চিঙি ,
ধপলীয়াই আহোঁ সেই ঘৰলৈ
যিটো কেৱল মই তোৰ বাবেই সাজিছো
তই ওভতি আহি মোক ওভতাই দিয় মোৰ শৈশৱ ....
মই হেঁপাহ পলুৱাই ওমলো...
তই পুনৰ তুলি দিয় মোৰ দুহাতত যৌৱন
আপোন পাহৰি মই কোচ ভৰাই সপোনকে বুটলো
গুণ-গুণাও মাথো তোৰ প্ৰিয় গান
এদিনাখন বতাহে তোক সকীয়াই গল ...
তোৰ আইজনী হেনো বৰজনী হল
সময়ে পিন্ধালে নতুন পোছাক - মা হলো মই,
তইও জুৰুলি -জুপুৰী হলি মমতাত
মই নেৰিলো তোৰ দুহাত
হঠাতে খৰাঙে গ্ৰাস কৰিলেহি তোৰ উশাহ !
মই একোৱেই কৰিব নোৱাৰিলো তোৰ বাবে , বাবা
যি কণমান উশাহৰ অভাৱত তই এৰি গলি মোক
সেই উশাহ প্ৰতিটো মূহুৰ্ততে
এতিয়াও একুৰা জুই হৈ বৈ আছে মোৰ হাড়ৰ মাজে মাজে
আৰু মই নিজকে চুচৰাই চুচৰাই নামি আহিছো
শূন্যতাৰ পৰা.....তোৰ কাষৰ পৰা......
তোক এবাৰ লগ পোৱাৰ বাসনাই যেতিয়াই
বাউলী কৰিবহি মোৰ মন,
ভিৰৰ মাজৰ পৰাই মই দৌৰি যাম সেই ঘৰলৈ
আৰু ভগবানেও ৰুধীৱ নোৱাৰা আকূতীৰে
তোক আৱাহন কৰিম ....
তই ক্ষণীকৰ বাবে হলেও আহিবি বাবা
আমি পূনৰ উদযাপন কৰিম
এক আদৰুৱা জীৱন .....।