এইয়াই জীৱন যুদ্ধ
সকলো দিশেই পথ ৰুদ্ধ
বিছাৰিছিলো কি আৰু পাই আছো কি
এটা ত্যাগ কৰি আন এটা আদৰি লৈছো
সূখ সূখ বুলি দূখৰ পাছেৰেই বাট লৈছো
দিনক ৰাতি আৰু ৰাতিক দিন কৰিছো
কপালৰ ঘাম বোৰ হাঁহি হাঁহি মছিছো
কিন্ত্তু নাই দেখোন কতো শান্তি
ওপৰলৈ বগোৱাৰ হেপাঁহ আছিল
অভাৱত থকাৰ ইচ্ছাই নাছিল
সেই বাবেই আজি ইমান পালোহি
কিন্ত্তু আকাশ খনতো এতিয়াও ঢোকি নাপালো
সূখকতো ইয়াতো লগ নহলো
মিছা এই ঐশ্বৰ্য বিভুতি
মানৱ প্ৰেমেহে দিয়ে সুমতি
নহলেযে এদিন বৰ অকলশৰীয়া হৈ পৰিব
থাকিব মাথো সেই দীঘল হাতত
শূন্য শূ্ন্য আৰু শূন্য ।