নজনাকৈয়ে এদিন ওচৰ চাপিছিলো
নভৱাকৈয়ে সকলো সপি দিছিলো
নিজকে হেৰুৱাই পেলাইছিলো
ঠিক বিজুলিৰ পোহৰত হেৰাই যোৱাৰ দৰেই
চিক-মিক জোনাকী পৰুৱাৰ আভা ।
এতিয়া আৰু বাট নাচাও
এটা নতুন পূৱাৰ বাৱে
নোখোলো আৰু খিৰিকি
এচেৰেঙা ৰদৰ বাবে
এই উৰুঙা পঁজাত নাইযে আৰু এপদো সম্পদ
যাৰ বাবে মই সপোন দেখিম ।।