লাই হালে জালে ফুল চন্দন তুলসী
মাহ হালধীৰ কেঁচা গোন্ধই
মাতাল কৰে শিতানৰ গাৰু
শাওন-ভাদৰ বাৰিষাৰ মেটেকা ফুলে
শইচৰ পথাৰ হালধীয়া নকৰিলে
মাঘত সপোনে পাহি মেলিব
বিধিৰ বিধান কোনে খন্দাব
আকাশত মেঘবোৰে চেৰাপুঞ্জী হৈ
ফেপেৰি পাতিছে সপোনৰ প্ৰদেশত
গাঁৱবোৰ ক্ৰমশঃ
আশ্ৰয় লৈছে মাথাউৰিত
বাৰিষা গেলা পানী খাই
আই নৰীয়া পাটিত
ডাক্টৰ নাই,ঔষধ নাই
শ্মশানত এককাল এবুকু পানী
সপোনৰ চাকনৈয়াত সুখ হেৰুৱা দুখ
বানে কবৰ দিয়া
আহিনৰ বিষন্ন ওঁঠত
জীৱনৰ অভিনৱ কোচকাৱাজ
সপোন দুৰলৈ যা ........