সমাজ দাপোণ - গল্পকাৰ : শান্তনা মজুমদাৰ

কলেজত শিক্ষক গোতৰ মিটিং থকা বাবে কেইটামান ক্লাছ হোৱাৰ পাছত বাকীবোৰ নহ'ল ৷ আমি আটাই কেইজনী বান্ধৱী আহি বাছষ্টেন্দ পালোহি ৷ সকলোবোৰ ক্লাছৰ ল'ৰা- ছোৱালী একে সময়তে অহা বাবে বাছষ্টেন্দত ভিৰ হৈছে ৷ তাতে আকৌ বিভিন্ন কামত অহা মানুহ, আলহী খাবলৈ অহা মানুহ আৰু দোকানৰ সন্মুখত বহি আড্ডা দি থকা ল'ৰাবোৰতো আছেই ৷ গতিকে বাছষ্টেন্দ খন লোকে লোকাৰণ্য হৈ পৰিছে ৷ কোনোমতে ভিৰ ঠেলি ঠাই অকণমান উলিয়াই বাছ অহাৰ বাবে ৰৈ থাকিলোঁ ৷ এনেতে ক'ৰ পৰা জানো দুটি সাত- আঠ বছৰীয়া ল'ৰা-ছোৱালী আহি আমাৰ সন্মুখতে থিয় হ'ল ৷ ছোৱালীজনীয়ে মানুহৰ দৃষ্টি আকষৰ্ণৰ বাবে তাইৰ দিঙিত ওলোমাই ৰখা ঢোলটোঅকণমানি হাত দোখনেৰে বজাই দিলে ৷ ইয়াৰ পিছতে ল'ৰাটোৱে তাৰ ক্ষীণকায় দেহটোৰে বিভিন্ন ধৰণেৰে অংগি - ভংগি কৰি মানুহৰ দৃষ্টি আকষৰ্ণ কৰিব ধৰিলে ৷ তাৰ দেহত মলিয়ন সাজ এযোৰ ৷ মূখত বিভিন্ন ৰঙেৰে আক আকা ৷ ছোৱালীজনীয়ে তাইৰ দেহৰ সমস্ত শক্তিৰে ঢোলটো বজাই গৈছে কিন্তু ল'ৰাটোৱে যেন ঢোলৰ ছেৱে ছেৱে নাছিব পৰা নাই ৷ প্ৰচন্দ ৰ'দত ল'ৰাটো ভাগৰুৱা হৈ পৰিছে ৷ তাৰ যেন ভোক লাগিছে মূখখন দেখিলেই গম পোৱা যায় ৷ তথাপি সি মানুহবোৰৰ সন্মূখত নাচ প্ৰদশৰ্ন কৰিয়ে আছে ৷ কিছু সময়ৰ পাছত ছোৱালীজনীয়ে ঢোলৰ চাপৰ মৰা বন্ধ কৰি মোনাৰ পৰা এখন এলুমিনিয়ামৰ থাল উলিয়াই ল'লে আৰু মানুহৰ সন্মুখে সন্মুখে ঘুৰি ফুৰিব ধৰিলে ৷ ল'ৰাটোৱেও আন এখন থাল ল'লে ৷ কোনোবাই পঞ্চাশ পইচা, কোনোৱে এটকা আৰু কোনোৱাই হয়টো খুচুৰা পইচা নাই বুলি কৈ আঁতৰাই পঠাইচে ৷ লাহে লাহে ল'ৰাটো আহি মোৰ সন্মুখত ৰ'ল ৷ তাৰ সজল নয়ন দুটিয়ে মোৰ ফালে কিবা এটা পোৱাৰ আশাত চাই আছে ৷ কৰুণতাৰে ভৰা সুগোল বগা মুখখনত ডাঙৰ ডাঙৰ চকুকেইটাৰে এখন অতি মৰম লগা মূখ ৷ বহুদিন গা নোধোৱাৰ চিন তাৰ চুলি আৰু চালত প্ৰস্ফুটিত হৈ পৰিছে ৷ ল'ৰাটোৰ মূখৰ ফালে চাই থাকোতে মনটো সেমেকি উঠিল ৷ সি তাৰ থালখন লৰাই দি মোক তাৰ উপস্টিতিৰ কথা সোঁৱৰাই দিলে ৷ লগে লগে মই বেগৰ পৰা পাঁচ টকা এটা উলিয়াই থালখনত দিলো ৷ সৰহাৈ দিয়া দেখি ল'ৰাটোৱে মোৰ ফালে চালে ৷ ল'ৰাটোলৈ মোৰ বৰ মৰম লাগি গ'ল ৷ মই সুধিলো - "কৰ পৰা আহিছা" ? ল'ৰাটোৱে মোৰ ফালে এক অবুজ ভাবেৰে চাই ক'লে - " চমঝা নহী " ৷ মই বুজিলো যে ল'ৰাটো আসমীয়া নহয় ৷ এইবাৰ মই তাক হিন্দীতেই সুধিলো -
- কহঁা সে আয়ে হো ?
- আদাবাৰী সে ৷
- তুম লোগো কো য়হা কিসনে লায়া ?
- হম খুদহী আয়ে হ্যায় ৷
- অকেলে ডৰ নহী লগতা ?
- নহী ৷

ল'ৰাটোৰ খৰখেদাকৈ মোৰ প্ৰশ্নকেইটাৰ উত্তৰ দিলে আৰু আন মানুহবোৰৰ পৰা পইচা খুজি ফুৰিব ধৰিলে ৷ ইমান সময়ে মোৰ ওচৰত থিয় দি থকা বান্ধৱী অনামিকাই এইবাৰ মাত দিলে - তই বৰ 'আকনমন' দেই ৷ এইবিলাকৰ লগতনো কিহৰ মুখ চুপতিখন মাৰি থাকিব লাগে ৷ পইছা খুজিছে বচ দি দে ৷

-তই মন কৰা নাছিলিনে ল'ৰাটোৰ মুখখন ইমান মৰম লগা ৷ এই বয়সতে সি ৰ'দে- বতাহে টকা উপাৰ্জন কৰি ঘূৰি ফুৰিছে অথচ তাৰ বয়সৰ ল'ৰাই এতিয়াও মাকৰ আঁচলত ধৰি খেলনাৰ লগতে দিন কটাইছে ৷

-তই এইবোৰ ভাবি মূৰ ঘমোৱাৰ কোনো প্ৰয়োজন নাই ৷ ইহঁতবোৰৰ এনেকুৱা পৰিবেশতেই জন্ম আৰু এই পৰিবেশতেই ইহঁতবোৰৰ জীৱন অতিবাহিত হয় ৷ গতিকে তই ভবাৰ দৰে আন কোনোৱে নাভাৱে ইহতবোৰৰ কথা ৷ আজিকালি আনৰ কথা ভাবি সময় নষ্ট কোনে কৰিব ? তই মই ভাবিলেইতো সমাজ খন সলনি হয় নাযায় ৷ - এৰা আজিৰ মানুহৰ আনৰ কথা ভাবিবলৈ সময়েইবা ক'ত ৷ সকলোৱাই নিজক লৈ ব্যস্ত ৷ ময়ে জানো ল'ৰাটোৰ কাৰণে কিবা এটা কৰিব পাৰিম ৷ ঘৰলৈ গৈ হয়তো ময়ো এই ল'ৰাটোৰ কথা সহজেই পাহৰি ্যাম ৷ কথাখিনি নিজকে কৈ অনামিকাহঁতৰ সৈতে মইও গাড়ীখনত উথিলো ৷

আবেলি সময় ৷ খোলা খিড়িকীখনেৰে শীতল বতাহ এজাক আহি মোৰ গোটেই শৰীৰ স্পৰ্শ কৰি গ'ল ৷ খিড়িকীখনেৰে বাহিৰলৈ চাই পঠিয়ালো ৷ সন্মুখৰ পথাৰখনত সৰু ল'ৰা কিছুমানে আনন্দ মনে খেলি আছে ৷ সিহঁতে একান্ত মনে মুকলি মূৰীয়াভাৱে খেলি আছে ৷ এনেতে সিহঁতৰ ওচৰত থিয় দি থকা ল'ৰা এজনলৈ মোৰ চকু গ'ল ৷ ল'ৰাজনে সিহতৰ খেল চাই আছে ৷ তাৰ তিৰবিৰাই থকা চকু আৰু উজ্জ্বল মুখখনতেই ধৰিব পাৰি যে খেলত ভাগ নোমোৱাকৈয়ে খেলাৰ মাদকতাখিনি সি বাৰুকৈয়ে উপভোগ কৰিছে ৷ কিন্তু হঠাতেই তাৰ মূখৰ উজ্জ্বলতা স্মান হৈ পৰিল আৰু সি ওচৰত পেলাই থোৱা প্লাষ্টিকৰ ডাঙৰ বস্তাখন কান্ধেৰে পিঠিত ওলোমাই লাহে লাহে তাৰ পৰা আতৰি ্যাবলৈ ধৰিলে ৷ ক্ষন্তেকৰ বাবে তাৰ শিশু মনটোৱে সমনীয়াবোৰৰ লগত কটাব খুজিছিল ্যদিও বয়সতকৈ বহু বেছি পৈণত হোৱা বিবেকে তাক তাৰ বাস্তৱ জগতখনৰ কথা সোঁৱৰাই দিলে ৷ ক্ষন্তেক পিছতে সি তাৰ নিজৰ জগতখনত খোজ পেলাব ; য'ত হয়তো সি মৰমৰ মাত এষাৰৰ পৰিবৰ্তে শুনিবলগীয়া হ'ব পাৰে ওপৰৰ কৰ্মচাৰীৰ টান কথা ৷ কিন্তু ৰাতি আহাৰ খোৱাৰ পিছতই সি দিনৰ মিঠা - তিতা সকলো অভিজ্গতাই পাহৰি পেলাব ৷ আকৌ ৰাতিপুৱাই আৰম্ভ হ'ব তাৰ দৈনিক কাৰ্্যসূচী ৷ কিন্তু কোনে জানে এই শিশ্ুটিয়েইও হয়তো তাৰ উৰূখা পঁজাৰ জোলোঙাৰে ৰাতিৰ আকাশৰ তৰা গণি ভৱিষ্যতৰ সপোন ৰচে ৷ হয়তো সিও তাৰ প্লাষ্টিকৰ বস্তা কঢ়িয়াই নিয়া মলিয়ন হাত খনত এটি স্কুল বেগ ল'বলৈ আশা কৰে ৷ কিন্তু তাৰ এই সপোন , এই আশাৰ কোনো মূল্য নাই ৷ তাৰ এই আশা, আশা হৈয়ে ৰ'ব ৷ এই শিশুটিয়ে ্যেন তাৰ আশা পূৰণৰ অধিকাৰ জন্মৰ লগে লগেই হেৰুৱাই পেলাইছে ৷ বোকাৰ জন্ম এই পদুম বিলাকৰ কোনেও আদৰি নলয় ৷ এইবোৰ বোকাতেই জন্মি তাতেই মৰহি ্যায় ৷

ৰাতিপুৱা ৰেডিঅ'টো অ'ন কৰি বাতৰিটো শুনাৰ বাবে ৰৈ আছোঁ ৷ অলপ পিছতেই এটি শিশু কণ্ঠস্বৰ শুনিবলৈ পালো -
লগৰবোৰে খেলাৰ বেলিকা
শিল ভাঙি থাকো মই
পঢ়া- শুনা , লিকাবোৰ
মোৰ বাবে মাথো ৰ'ল যে সপোন হৈ
ভাবি চোৱাচোন আমাৰ কথা এবাৰ থমকি ৰৈ ৷

শিশুটিৰ এক আবেগ ভৰা কণ্ঠস্বৰ ৷ প্ৰচাৰ মাধ্যমে এইদৰে এটি সৰ্বহাৰা শিশুৰ বিননি জনসাধাৰণলৈ পঠায়াইছে ৷ কিন্তু ইয়াৰ ফলাফল একো হোৱা নাই ৷ কোনো সংগঠনেই এই শিশুবোৰক সহায়ৰ হাত আগবঢ়োৱা নাই ৷ আনকি চৰকাৰৰ সীমিত পৰিসৰৰ ব্যৱস্থাইও এই শিশু সকলৰ ওচৰ চপা নাই ৷ সময়ত এই শিশুবোৰৰ ভৱিষ্যত বুলিবলৈ হয়তো একোৱেই নাথাকিব ৷ কি হ'ব ইহঁতবোৰৰ ? নিজকে বৰ নিঃসহায় ্যেন লাগিব ৷ কিবা এটা কৰিব পৰা হ'লে এই শিশুবোৰৰ কাৰণে ! মোৰ চকুৰ আগত ভাঁহি উঠিল তিনিটা অসহায় শিশুৰ কৰূণ মূখ ৷ একন বাছষ্টেন্দত দেখা সেই ল'ৰাটোৰ , আনখন প্লাষ্টিকৰ বস্তা কঢ়িয়াই নিয়া ল'ৰাটোৰ আৰু ৰেড়িঅ'ৰ শিশু কণ্ঠস্বৰৰ সেই অচিনাকী অথচ সদা পৰিচিত শিশুটিৰ মূখখন ৷ যিয়ে আমাৰ দেশৰ এখন আৰ্থিকভাবে পিছপৰা ঠাইত জন্ম লৈ ৰচিছে ভৱি্ষ্যতৰ অযুত অবাস্তৱ কল্পনা ৷

*****************************************************************************************
গল্পকাৰ : শান্তনা মজুমদাৰ
সৰপাৰা , মিৰ্জা
কামৰূপ ৷

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: অসমীয়া কৌতুক
মুঠ পঢ়ুৱৈ সংখ্যা:1,096
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,300
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,892
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,445
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,747