সমাজ প্ৰদূৰ্ষণ আৰু আমি --- অমল কলিতা

বৰ্তমান সময়ত পৰিবেশ প্ৰদূৰ্ষণৰ কথা সকলোৱে কয়, তাৰ ওপৰত বিভিন্ন চিন্তা-চৰ্চা কৰে, আন্তজাৰ্তিক পৰ্য্যায়তো বিভিন্ন আলোচনা - বিলোচনা হৈছে ৷ পৰিবেশ প্ৰদূৰ্ষণ ৰোধ কৰিবৰ কাৰণে হাজাৰ-হাজাৰ নীতি-নিয়ম ৰচনা কৰা হৈছে ৷ সংবাদ মাধ্যম, টেলিভিচন আদিটো ইয়াৰ ওপৰত বহুল চৰ্চা কৰা হয় ৷ পৰিবেশ প্ৰদূৰ্ষণৰ বিৰুদ্ধে বৌদ্ধক সমাজৰ পৰা আদি কৰি সকলো স্তৰৰ মানুহেই নিজ নিজ মতামত মুক্ত কণ্ঠৰেই প্ৰকাশ কৰে সমাজৰ আগত ৷ হয় আজিৰ প্ৰজন্মই পৰিবেশ প্ৰদূৰ্ষণৰ কাৰণ আৰু ইয়াৰ ফলত সৃষ্টি হ'ব পৰা আতংকৰ বিষয়ে ভালদৰেই উপলব্ধি কৰিব পাৰিছে ৷ এইটো আমাৰ কাৰণে, এই পৃথিৱীত বসবাস কৰা সকলো জীৱ-জন্তু, চৰাই-চিৰিকতি, কীট-পতংগ, গছ-গছনি আদিৰ বাবে এটি সুখবৰ ৷

কিন্তু আজিৰ এই ২১ শতিকাত য'ত মানুহে বিজ্ঞানৰ সহায়ত বিশ্ব-ব্ৰক্ষ্মাণ্ডৰ সৃষ্টিৰ ৰহস্য ভাঙিবলৈ অগ্ৰসৰ হৈছে , চিকিৎসাৰ নতুন নতুন পদ্ধতি উদ্বাৱন কৰিছে, মানুহৰ জীৱন কাল বৃদ্ধি কৰাবলৈও সক্ষম হৈছে, তেনে স্থলত মানৱ জাতিৰ আগত এটি নতুন সমস্যাই মূৰ দাঙি উঠিবলৈ আৰম্ভ কৰিছে , যিটো হয়তো পৰিবেশ প্ৰদূৰ্ষণতকৈ কোনো গুণে কম নহয় বৰঞ্চ অধিক শক্তিশালী আৰু মৰাৎত্মক, সেইটো হৈছে সমাজ প্ৰদূৰ্ষণ ৷ হয় সমাজ প্ৰদূৰ্ষণ এই শতিকাৰ এটি নতুন প্ৰদূৰ্ষণ যিটোৱে মানৱ জাতিৰ বিস্তাৰ ক্ষতি সাধন কৰিছে ৷ যিটোৱে আমাৰ সমাজ জীৱনৰ ভিতৰিভাগ ফোপোলা কৰি পেলোৱাৰ উপক্ৰম হৈছে ৷

কোৱা বাহুল্য, যে ৰাতিপুৱাৰ দৈনিক বাতৰি কাকতখন মেলিলেই অথবা টেলিভিচনৰ বাতৰিৰ শীৰোনাম দেখিলেই এটি নহয় এটি জঘন্য অপৰাধজনিত ঘটনাই আমাৰ গাৰ নোম শিহৰিত কৰি পেলাই ৷ যিটো বাতৰিয়ে বা ঘটনাই জীৱ শ্ৰেষ্ট বুলি কোৱা মানৱৰ নীচ, পশুতুল্য চৰিত্ৰক উদঙাই তোলে ৷ প্ৰমান কৰি তোলে যে আমি কিমান সভ্য জীৱ ৷ হত্যা, চুৰি-ডকাইটি, অপহৰণ, বলৎকাৰ, মাৰ-পিট ইত্যাদি ইত্যাদি ক'ত কিমান যে লজ্জাজনক ঘটনা সংঘটিত হৈ আছে আমাৰ সমাজত ৷ এনে ধৰণৰ অপৰাধজনিত ঘটনাই মানৱ জাতিৰ আগত এক ভংয়কৰ ভাবুকি স্বৰূপ হৈ সমাজ ব্যৱস্থাক প্ৰদূৰ্ষিত কৰি তুলিছে ৷
বিশ্বৰ সকলো প্ৰন্ততেই , সকলো উন্নত দেশৰ পৰা আদি কৰি অনুন্নত দেশৰেই একেই ছবি ৷ সকলোতে ঘটিছে জঘন্য অপৰাধৰ ঘটনা আৰু ঘটনাবোৰৰ মূল নায়ক বা নায়িকা মাথো আমি যিয়ে নিজকে জীৱ শ্ৰেষ্ঠ বুলি প্ৰতিপন্ন কৰিবলৈ উঠি পৰি লাগিছে ৷ লজ্জাজনক বাতৰিটো পঢ়ি অথবা চাই আমি যেন এক তৃপ্তি লাভ কৰো, ৰোমাঞ্চিত হওঁ কিন্তু এখন্তেকলৈও আমাৰ মনলৈ নাহে ঘটনাটিয়ে যে আমাক আৰু এখোপ তললৈ নমাই দিলে ৷ আকৌ এটি নতুন কলংক সানি দিলে মানৱ জাতিৰ ওপৰত ৷

সমাজক এনে ধৰণৰ অপৰাধজনিত ঘটনাৰ পৰা মুক্ত কৰিবলৈ বিশ্বৰ প্ৰত্যেকখন দেশেই কঠোৰ আইন প্ৰণয়ন কৰিছে ৷ বহু অপৰাধীক কঠোৰ শাস্তিও বহিছে, বহুতক মৃত্যু দণ্ডৰে দণ্ডিতও কৰিছে ৷ তথাপিও দেখা যায় যে এই আইন বা শাস্তিমূলক ব্যৱস্তাবোৰেও আমাৰ সমাজখনক এক শতাংশও অপৰাধ মুক্ত কৰিবলৈ সক্ষম হোৱা নাই ৷ এই ব্যৱস্থাবোৰে যে সমাজত এক সুস্থ মানসিকতা গঢ়ি তুলিব তাকো ন-দি কব নোৱাৰি ৷
সমাজখনক এনে প্ৰদূৰ্ষণৰ পৰা ৰোধ কৰিবলৈ আমি প্ৰত্যেকে আমাৰ নিজৰ মানসিকতাক সলনি কৰাৰ বাহিৰে অন্য উপায় নাই ৷ আমি প্ৰতিজন ব্যক্তিয়ে প্ৰথমতে নিজেই এক সুস্থ মানসিকতাৰ গৰাকী হ'ব পাৰিব লাগিব ৷ কি কাৰণে বা কি পৰিস্থিতিৰ বসবৰ্তি হৈ মানুহে অপৰাধ সংঘটিত কৰিছে সেইবোৰ সূক্ষ্মভাৱে বিচাৰ-বিশ্লেষণ কৰি তাক ৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ এক বিস্তৃত আলোচনাৰ প্ৰয়োজন ৷ গতিকে এই ক্ষাত্ৰত অভিভাৱক, চাৰকাৰ, ৰাজনৈতিক দল, স্বেচ্ছাসেৱী সংগঠন আৰু সমাজৰ চিন্তাশীল ব্যক্তি সকলৰ লগতে সংবাদ মাধ্যম সমূহ যেনে বাতৰি কাকত, আলোচনী, টেলিভিচন চেনেল সমূহেও নিজৰ ঐকান্তিক প্ৰচেষ্টৰে বিধ্বংসী ৰূপত গঢ় লৈ উঠা এই অপৰাধজনিত মানসিকতাক মোহাৰি এখন সুস্থ সমাজ গঢ়ি তুলিবলৈ সময় উপযোগী পদক্ষেপ গ্ৰহণ কৰাৰ দায়িত্ব আমাৰ সকলোৰে ৷ সমাজত যেতিয়া প্ৰত্যক ব্যক্তিৰে এনে এক সুস্থ মানসিকতা গঢ়লৈ উঠিব তেতিয়াহে আমি নিজকে জীৱশ্ৰষ্ঠ বুলি কোৱাৰ যোগ্যতা অৰ্জন কৰিম হয়তো !

["গণজীৱন" কাকতত প্ৰকাশিত মোৰ এটি প্ৰবন্ধ ২৪-০৯-২০১৩ তাৰিখ]

++++++++++++++++++++++++++++++++++++
অমল কলিতা

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,308
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,403
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,830
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,287
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,789