সময় --- জোন কলিতা

সময় নেথাকে ৰৈ
কাৰো কাৰণে,
ই যে যায় গুচি দূৰলে
পাখি লগা কাড়ৰ দৰে ৷

এবাৰ গ'লে গুচি সুযোগ
পুনৰাই নাহে,
নোপোৱাটোক পোৱাৰ বাবে
জানো ঠন ধৰে ?

দিশহাৰা হৈ দিক-বিদিক হেৰালে,
সময়ত সাৰথিৰো অভাৱ ঘটে ৷
জীৱনটো যেতিয়া অনৰ্থক হয় ,
বিনা মেঘেওঁ ব্ৰজ্ৰপাত ক'ত যে চৰে ৷

বায়ুৰ পৃথিৱীটো ওপঙি থাকি,
উশাহ-নিশাহ বোৰ হয় আমাৰ কেনিবা চুটি ৷
অস্ত আকাশত বেলিৰ আভা,
বিৰিঙাবলৈ আমাৰ বহু হেঁপাহ ৷
নতুন পুৱাৰ বাবে আমাৰ এই অপেক্ষা ,
কামৰ বাবে ক'তো যে হেতা-ওপৰা ৷
তৰ্ক-বিতৰ্ক আৰু খাম খেয়ালি
এইবোৰতে সময় যায় আমাৰ ছিটিকি ৷
বুজা নুবুজাৰ দোমোজা লাগি,
আপোন জনকো যাওঁ আমি হঠাৎ পাহৰি ৷
সময়ে শিকায় সময়ে বুজাই,
সময়ৰ বাবে আহৰি যে নাই ৷

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,746
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,562
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,677
শিতান: অনুভৱ
মুঠ পঢ়ুৱৈ সংখ্যা:2,710
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,468
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,488