এখন নৈত
এডাল বাঁহৰ সাঁকোৱে
সমন্বয় গঢ়ে
ইপাৰ-সিপাৰৰ মাজত
সাঁকোৱে দুখ কমাই
সাঁকোৱে সুখ বঢ়াই
সাঁকোৱে প্ৰেৰণা দিয়ে
সময়ৰ শৰ সময়ত মাৰিবলৈ
সাঁকোৱে নিবিছাৰে জাতি
সাঁকোৱে নুবুজে ভাষা
মাথোঁ জানে –
ঐক্য,শান্তি,বিশ্ব,ভাতৃত্ববোধ
কৃষ্টি-সংস্কৃতি,ঐতিহ্য পৰম্পৰা
আহক, আমি সকলোৱে মিলি
এডাল সাঁকো হৈ
প্ৰীতিৰ চানেকী দাঙি ধৰো
সুন্দৰৰ পৃথিৱীত !