সামাজিক সহযোগিতা – এইড্‌চ ৰোগীৰ যোগাত্মক জীৱনৰ ইন্ধন ----- ৰিমকি ভাগৱতী

সমস্যাৰে জর্জৰিত বর্তমানৰ সমাজখনৰ সন্মুখত HIV/AIDS ও এক জটিল সামাজিক প্রত্যাহ্বান হিচাপে থিয় দিছে। ই ব্যক্তি বিশেষৰ মাজতে সীমাৱদ্ধ নাথাকি সামাজিক ব্যাধিলৈ ৰূপান্তৰ হৈছে, যিহেতু ই সাঙোৰ খাই আছে, যৌনতা আৰু কিছুমান সমাজৰ অপবাদ সূচক আচৰণৰ সৈতে। HIV য়ে ব্যক্তিৰ শৰীৰৰ প্রতিৰোধ ক্ষমতা ধ্বংস কৰাৰ লগতে বিভিন্ন মানসিক জটিলতা- আত্ম-মর্যাদা, হতাশা, পীড়ন, অহেতুক ভয়, সামাজিকভাৱে বহিষ্কাৰ, দুঃচিন্তাৰ সৃষ্টি কৰে। এই ৰোগৰ সৈতে জড়িত অপবাদ আৰু অবহেলাই এতিয়াও হাজাৰজন মানুহক চিকিৎসা গ্রহণ কৰিবলৈ আগুৱাই অহাত বাধা প্রদান কৰিছে। আক্রান্তসকলৰ প্রায় ৫০% - ৬০% মানুহে তেওঁলোকৰ ব্যাধিৰ সম্বন্ধে এতিয়াও অজ্ঞাত। শংকাৰ বশবর্তি হৈ কিছুৱে নিজৰ ব্যাধিৰ কথা লুকুৱাই ৰাখে। এনে কাৰণবোৰেই HIV বিয়পোৱাৰ সহায়ক হৈ পৰিছে।
বিভিন্ন সময়ত বিভিন্ন দেশত কৰা ৰিচার্চে, এটা কথাকে প্রতিফলিত কৰিছে যে – সামাজিক সহযোগিতাইহে এজন HIV/AIDS ৰোগীক যোগাত্মাক দৃষ্টিভংগীৰে জীয়াই থকাৰ আনন্দ দিব পাৰে। যিসকল ব্যক্তিয়ে নিজৰ সন্তুষ্টিৰ জোখাৰে সামাজিক সহযোগিতা লাভ কৰিছে, তেওঁলোকে এক উন্নতমানৰ জীৱন নির্বাহ কৰিবলৈ সক্ষম হৈছে। আনহাতে অসহযোগিতাৰ কবলত পৰা ব্যক্তিসকল অতি সোনকালে শাৰীৰিক ও মানসিকভাৱে বিধস্ত হৈছে। জীৱনে উপহাৰ দিয়া আশীষ গ্রহণ কৰিবলৈ যেনেদৰে সুস্থ শৰীৰ আৰু মনৰ প্রয়োজন, তেনেদৰে অভিশাপ গ্রহণ কৰিবলৈ এক শক্তিশালী শৰীৰ ও মন অপৰিহার্য। HIV ৰ দ্বাৰা আক্রান্ত ব্যক্তিৰ শৰীৰিক সুস্থতা আমি ঘূৰাই দিব নোৱাৰো সঁচা, কিন্তু তেওঁলোকক মানসিকভাৱে সবলতা কৰাতো আমাৰ মনুষ্যত্বৰ দায়ৱদ্ধতা। এগৰাকী AIDS ৰোগীয়ে কৈছিল – “HIV য়ে মোক ইমান যন্ত্রণা দিয়া নাই, যিমানখিনি যন্ত্রণা মোক চাৰিওফালে আগুৰি থকা মানুহখিনিয়ে দিলে।”
অলিভাৰ ছেক্‌ছে কৈছিল, ‘মানুহৰ পৰস্পৰৰ প্রতি আত্মীয়তাৰ অনুভূতি এটা নিৰাময়কাৰী শক্তি; আমি সকলো মানুহেই ইজনে সিজনৰ চিকিৎসক হ’ব পাৰো।’ সেয়েহে আমি সহযোগিতাৰ হাত আগবঢ়ালে এজন AIDS ৰোগীয়ে সুস্থতাৰে এক দীর্ঘ জীৱন নির্বাহ কৰিব পাৰে – ইয়েই আমাক AIDS মুক্ত প্রজন্মৰ উপহাৰ দিব ভৱিষৎতে।