সুখ দুখৰ মালিতা --- কবিৰঞ্জন দাস

তোমাৰ দুখৰ দিনত মই আছিলোঁ তোমাৰ কাষত

হাতত হাত থৈ সহায়ৰ আশ্বাস লৈ

লাহে লাহে এদিন তোমাৰ সুখৰ দিন আহিছিল

আৰু মোৰ দুখৰ মই তোমাৰ আশ্বাসৰ বাবে অপেক্ষা কৰিছিলো

কিন্তু তুমি মোৰ কাষৰ পৰা আঁতৰি গৈছিলা

মিছা অপবাদ দি বিনা কাৰণত

তথাপিও তোমাৰ মুখলৈ চাই পাহৰি গৈছিলো এই অপবাদ

আকৌ সেই ভুলেই কৰিলা আগৰ দৰেই

সন্দেহ আৰু ঈৰ্ষাই তোমাক দহি দহি শেষ কৰিলে

আৰু এই সন্দেহ এতিয়া সচাঁ হোৱাৰ পথত

এইটো মোৰ জীৱনৰ এটা প্ৰত্যাহ্বান হিচাপে লৈছো

তোমাৰ এটা সন্দেহ সচাঁ ৰূপ দিয়াৰ পথত

সুখী হোৱাৰ মোৰো আছিল হেঁপাহ

এতিয়া মই সুখী বহুত

সন্দেহৰ বীজ উভালি !

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,845
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,251
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,685
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,729