সুৱণখাটা --- মৃণালৰাজ কলিতা

চিৰচেনেহী অসমীৰ বুকুত বহুতো জাতি-জনজাতিৰে পৰিপূৰ্ণ হৈ আছে । সেই জাতি-জনগোষ্ঠীৰে ভৰপূৰ অসমত নতুনকৈ গঠিত হোৱা বাক্সা জিলাৰ (বি. টি. চি.) মধ্যম বাক্সা মৌজাৰ অন্তৰ্গত এখন সৰু ভিতৰুৱা গাওঁ । আমাৰ গাওঁখনৰ নাম ‘সুৱণখাটা’ । ‘সুৱণখাটা’ নামটো কেনেকৈ বা কি শব্দৰ পৰা সৃষ্টি হৈছিল তাৰ সঠিক তথ্য পোৱা নাযায় । তথাপিওঁ, আইতাহঁতৰ মূখৰ পৰা জানিব পৰা মতে দুটা তথ্য দাঙি ধৰিব পাৰি ।

প্রথম হ’ল, তাহানি যেতিয়া জনবসতি হ’বলৈ ধৰিছিল তেতিয়া গোটেই সুৱণখাটা অঞ্চলটোত ‘সজনকাটা’ নামৰ এবিধ গৰুৱে খোৱা ঘাঁ জাতীয় বন ইমান বেছিকৈ আছিল যে পায়জামা, ধুতি, গামোচা, শাৰি আদি দীঘল কাপোৰ পিন্ধি বাটত বা পথাৰত খোজ দিয়াৰ লগে লগে কাপোৰবোৰত খামোচ খাই ধৰিছিল । সেইবাবে আমাৰ গাওঁখনৰ নাম ‘সুৱণখাটা’ শব্দৰ অপভ্রংশ হৈ সুৱণখাটা হোৱা বুলি প্রবাদ আছে ।

দ্বিতীয়টো হ’ল, আমাৰ সুৱণখাটা অঞ্চলটোত বহুত বেছিকৈ শিল আৰু বালিময় ঠাই থকাৰ বাবে শিলকে সোণ বুলি ভাবি ‘সুৱৰ্ণ’ আখ্যা দিয়া হৈছিল । সেই ‘সুৱৰ্ণ’ শব্দটিৰ পৰা অপভ্রংশ হৈ আমাৰ গাওঁখনৰ নাম ‘সুৱণখাটা’ হোৱা বুলি প্রবাদ আছে ।

আমাৰ গাওঁখনৰ জনগাঁঠনি বিচিত্রময় । অসমৰ প্রায় সকলো জনগোষ্ঠীৰ মানুহে বসবাস কৰে বুলি ক’লেও হয়তো ভুল নহ’ব । অসমীয়া, বড়ো, নেপালী, আদিবাসী, ৰাভা, চাওতাল, কোচ-ৰাজবংশী, মদাহী আদিয়ে প্রধান ।

আমাৰ গাওঁ সুৱণখাটাত প্রতিবছৰে মাঘ মাহৰ তিনি তাৰিখৰ পৰা ‘সুৱণখাটা মাঘ মেলা’ নামেৰে ডাঙৰ মেলা হয় । ১৯৫২ চনৰ পৰা বিভিন্ন জনগোষ্ঠীৰ সমন্বয়ৰ ভেটিস্বৰূপে এই মেলাখন স্থাপন কৰা হৈছে আৰু এইবাৰ মেলাখনে ৬১ বছৰত ভৰি দিছে । ইয়াৰ মূল উদ্দেশ্য হৈছে মাঘৰ বিহুত জন-প্রতিনিধি মন্ত্ৰী, বিধায়ক সকলক আমন্ত্ৰণ কৰি আমাৰ অঞ্চলটোৰ ৰাজহুৱা অভাব-অভিযোগ দৃষ্টিগোচৰ কৰি অনুষ্ঠান-প্রতিষ্ঠান স্থাপন কৰা । কিন্তু বৰ্ত্তমান সেই উদ্দেশ্যতকৈ জাক্-জমকতাইহে বেছিকৈ প্রাধন্য পাইছে । ‘সুৱণখাটা মাঘ মেলাৰ’ লগতে এইবাৰ তৃতীয় ‘ভাৰত-ভূটান বন্ধুত্ব মেলা’ অতি জাক্-জমকতাৰে সাত দিনীয়াকৈ পালন কৰা হয় । এই মেলাত যাত্রা-পাটি, ঢুলীয়া, যাদু, মিনা বজাৰ, বিভিন্ন জনগোষ্ঠীৰ নৃত্য ( যেনে- খেৰাই, ঝুমুৰ, ভূটীয়া, চাওঁতালী, তাখাং, মদাহী আদি) ইয়াৰ উপৰিও বি. টি. চি. ৰ হস্ততাঁত বস্ত্র মেলাইয়ো অংশগ্ৰহণ কৰি আহিছে ।

আমাৰ গাওঁখনৰ পৰা প্রায় ৫ কিঃমিঃ আতঁৰত উত্তৰে ভাৰত-ভূটান সীমান্তত থকা “পগলাদিয়া” আৰু “দিয়া” নদীৰ সংগমস্থানত “চৌকি” নামেৰে এখন পাহাৰীয়া ঠাই আছে । ‘চৌকি’ত ইংৰাজী নৱবৰ্ষৰ সময়ত বহুতো পর্যটক আৰু বনভোজ খাবলৈ আহে । লগতে পাৰ্ক, পাহাৰৰ ওপৰত ৰেষ্ট হাউচ, কংক্রিট ব্রীজ, শিলাময়, পাহাৰৰ পৰা বৈ অহা পগলাদিয়া নদীৰ প্রাকৃতিৰ দৃশ্য আদি চাবলগীয়া ।

আমাৰ গাওঁখন ভাৰত-ভূটান সীমান্তত থকা বাবে বেপাৰ-বাণিজ্যৰ ক্ষেত্রত বহু পৰিমাণে উন্নতি লাভ কৰা দেখা যায় । তাহানিৰ সুৱণখাটাত ভূটান ৰাষ্ট্রৰ ভূটীয়াসকলৰ লগত এক নিবিড় সম্পর্ক আছিল । ভূটীয়াসকলে তেওঁলোকৰ ঠাইত উৎপাদিত আদা, জলকীয়া, কমলা, লিচি, ধুনা আদিবোৰ বস্তু সুৱণখাটা সাপ্তাহিক বজাৰ’ক কেন্দ্র কৰি বিক্রী কৰিবলৈ আহিছিল । সাপ্তাহটোৰ তিনি-চাৰি দিন ধৰি সাপ্তাহিকে লৈ অহা বস্তুবোৰ বিক্রী কৰি ইয়াৰ পৰা নিমখ, চাউল, মাছ-মংস আদি কিনি নিজৰ ঘৰলৈ লৈ গৈছিল । ‘কুৰমা’ সম্বোধনেৰে সুৱণখাটা বাসীৰ লগত মিতিৰালি পাতিছিল আৰু তেওঁলোকে সৰু-ডাঙৰ সকললোৰে বাবে ‘চাজি’ আছিল । তাৰ ফলত সুৱণখাটা অঞ্চলৰ বেপাৰ-বাণিজ্য বহু পৰিমাণে উন্নত হৈছিল । কিন্তু বৰ্ত্তমান বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ প্রভাবে সুৱণখাটাবাসী আৰু ভূটীয়াসকলৰ মাজত বেপাৰ-বাণিজ্যই কিছু সাম কাটিছে ।

সুৱণখাটাত শিক্ষাৰ ক্ষেত্রত তাহানিৰ পৰাই কিছু ব্যৱস্থা হৈছিল যদিও এতিয়াও উচ্চ শিক্ষাৰ বাবে কোনো ব্যৱস্থা হোৱা নাই । একমাত্র ১৯৬৯ ইং চনতে স্থাপন কৰা সুৱণখাটা হাই স্কুলতে সীমাবদ্ধ হৈ আছে । আমাৰ গাওঁখনৰ প্রাই ৯৫ শতাংশই কৃষিজীৱি । উচ্চ শিক্ষাৰ অভাবৰ বাবেই হয়তো শিক্ষিতৰ হাৰ দুখ লগা । বি. টি. চি. গঠন হোৱাৰ পিছত ৰাস্তা-ঘাট, স্বাস্থ্য-ব্যবস্থা, বিজুলীবাতিৰ ক্ষেত্রত কিছু উন্নতি হৈছে যদিও অন্য ঠাইৰ তুলনাত এতিয়াও বহু পিছ পৰি আছে । খোৱাপানীৰ ক্ষেত্রতো একেবাৰে পিছ পৰি আছে । খোৱাপানীৰ বাবে PHE য়ে বহু বছৰ আগতে এটা আঁচনি কৰিছিল যদিও আজিলৈকে সেই আঁচনিৰ কাম সম্পর্ণ হোৱা নাই । বি. টি. চি. গঠন হোৱাৰ ‘ৰিগ বোৰিং’ কৰি প্রতি চুপাতে খোৱাপানীৰ বাবে কিছু ব্যবস্থা হৈছে যদিও ই যথেষ্ট্য নহয় । ভৱিষ্যতে, চৰকাৰে সমূহ সুৱণখাটাবাসী ৰাইজক বিশুদ্ধ খোৱাপানীৰ যোগান ধৰিব বুলি আশা কৰিছো । লগতে আমাৰ অতিকে আপোন গাওঁ সুৱণখাটাৰ ভৱিষ্যত উজ্জল কামনা কৰাৰ বাবে চৰকাৰ ওচৰত কাতৰ অনুৰোধ জনাইছো ।।