যিদিনা তুমালৈ বৰকৈ মনত পৰিব
নিজকে কেনেকৈ বুজাম বাৰু
শুই থাকিমনে, কান্দি থাকিম
নে তোমাৰ বন্ধ মোবাইল নম্বৰটোলৈ
বাৰে বাৰে ফোন কৰি থাকিম
তোমাৰ নামত স্মৃতিৰ বীজ ৰূপন
নকৰা হ’লেই ভাল আছিল
কিয়নো সোঁৱৰণী যে মোৰ ভাল নালাগে
কিন্ত কিহ’ব, ভাল নলগা কাম বোৰকে
দেখোন কৰিব লগা হৈছে
মাথো কম্প্ৰমাইজ কম্প্ৰমাইজ আৰু কম্প্ৰমাইজ
আৰুনো কিমান কম্প্ৰমাইজ কৰিম
এই জীৱনটোৰ লগত
ইয়োটো এবাৰ ভাবি চাব পাৰে মোৰ কথা
ইমাননো জটিলনে এই জীৱন শব্দতো
কাৰোবাৰ সোঁৱৰণীৰ পাতত আৱদ্ধ হোৱাতকৈ
চেষ্টা কৰিব নোৱাৰিনে, গটাই দিবলৈ
অকনমান জীৱনৰ এই বৰ্ত্তমানতোক ।।