স্কীজফ্ৰেনিয়া (schizophrenia) --- ডিম্বেশ্বৰ কোচ

স্কীজফ্ৰেনিয়া
মই
মোৰো এটা বিবেক আছে
মই যি চিন্তা কৰো মোৰ মতে শুদ্ধ ৷

তথাপি মই কেতিয়াবা বিবেকহীন
হৈ পৰো নেকি ?
দিনবোৰ আনক দিও
আৰু ৰাতিটোক মোৰ নিজৰ কৰি লঁও ৷

ছাঁ বোৰৰ
সৈতে কেতিয়াবা ধেমালি কৰো ,
কেতিয়াবা খং কৰো ৷
নিজান নিৰৱতাই মোক
কেতিয়াবা উপুলুঙা কৰে ,
সিহঁতকো খং কৰো ৷
দাপোনত নিজকে চাই হাঁহো ,
মই হেনো এটা মস্ত পাগল
"স্কীজফ্ৰেনিয়া "
আচলতে মইহে সুসহ ৷ মোৰ চাৰিও
ফালে থকা সকলো জড় - অজড়
বোৰলৈ চোৱা ,
সিঁহতবোৰহে পাগল ৷
মোক লৈ মিছাতে ভেঙুচালিবোৰ
কৰি থাকে ৷
চিন্তাত আউল লগায় ,
শান্তিবোৰ কৰবাত পলাই যায় ৷
খঙতে মোৰ দৰৱবোৰ
সিঁহতলৈ দলিয়াই খাৱ দিও
নতুবা সিঁহতক খেদি পঠিয়াও ৷
কাৰণ....
মই এটা শান্তিপ্ৰিয় বিবেকবান সুসহ
মানুহ ৷
"স্কীজফ্ৰেনিয়া "মোৰ হেনো নাম ৷

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,910
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,979
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:398
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:516
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,206