শীতৰ সেমেকা সন্ধিয়া
জোনৰ পোহৰত নগ্ন ধৰা
মেঘ মুক্ত আকাশত
সহস্ৰ তৰাৰ হাঁহিৰ
খিলখিলনিত মগ্ন,
মোৰ হূদয়ৰ খৰিকাজাঁই জোপা !!
তোমাৰ ৰঙা চন্দনৰ দৰে ওঁঠ দুটিয়ে
দিয়ে বেদুইন জীৱনক
শীতল জলৰ সঠিক ঠিকনা
মোৰ দুচকুত আজি অসীম সৌন্দৰ্যৰ তৃষ্ণা
মই যেন পোহৰৰ অপেক্ষাত ৰোৱা
এটি মৌ-পিয়া....................