স্বপ্নৰ ৰেলগাড়ী --- ৰিয়ান স্মিথ্

এটি দীঘল উকীৰ সতে সোমাই পৰিছিল

মোৰ জীবনৰ স্বপ্নৰ ৰেলগাড়ী

কোনোবা নেদেখা ভবিষ্য়তৰ বুকুত,

লাহে লাহে অচিনাকি হৈ পৰিছিল সময়

চিনাকী স্টপেজবোৰো এতিয়া বহু দূৰত

কেতিয়াবা অতীতে ৰিঙিয়াই মাতে

এৰি অহা স্মৃতিৰ বুকুত,

জীৱনৰ আন্ধাৰবোৰে বিচাৰি ফুৰে

নতুন দিগন্তৰ সোণালী কিৰণ |

সুখ দুখৰ দুটি চিৰিৰ ওপৰত ধাৱমান

বৰ্নিল জীৱনৰ একা বেকা গতিপথ,

বিষাদৰ বাহিৰ সুৰত ভাহি আহে কেতিয়াবা

হেৰুৱা অতীতৰ চিনাকী সুৰবোৰ,

শব্দবোৰে ভূমূকি মাৰে কবিতাত

মৰমে গুণগুণায় হৃদয়ত

অচিনাকিবোৰ হৈ পৰে চিনাকী

নতুনবোৰ হৈ যায় আকৌ পুৰণি,

এনেদৰেই আগবাঢ়ে জীৱন

চিনাকী অচিনাকি ছবি বুটলি

এখনি স্বপ্নৰ ৰেলগাড়ী ৰূপত !

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,805
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,411
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,961
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,829