স্বীকাৰুক্তি --- বিশ্বজিত নাথ

আমিবোৰ ভিক্ষাৰী

তোমালোকৰ দৰে আমাৰো আছে হৃদয়ত মেতমৰা সপোনৰ বোজা

জন্মৰ পৰাই....

দিনৰ পিছত দিন কৰি ৰূঢ় বাস্তৱে কাঢ়ি নিয়ে সমস্ত সপোন

মছি দিয়ে ইয়াৰ প্রতিচ্ছবি

পৰি ৰওঁ ফুটপাথত হতাশ আৰু হুমুনিয়াহক সংগী কৰি

সাতোৰঙী ৰামধেনুৰ ৰঙবোৰ হৈ পৰে ধূসৰ

আমাৰ বাবে .....

আমাৰো মন যায়

ৰঙীন পোছাক পিন্ধি সভ্যতাৰ মূখা লগাই মূৰ দাঙি খোজ কাঢ়িবলৈ

তোমাৰ খোজত খোজ মিলাই....

কিন্ত নিয়তিৰ নিষ্ঠুৰ পৰিহাসত ম্লান পৰে আমাৰ জীৱন

আত্মহত্যা নকৰো

ভাগৰিও নপৰো ....

প্রতিপুরাই আমাৰ বাবে হয় নতুন জীৱন,

আকৌ সেই পুৰণি গালি

আকৌ একে পৰিহাস

যেন কোনো বিলাতী কুকুৰতকৈ নীচ আমি

আমিতো নিবিচাৰো তৃপ্তিৰ ব্যঞ্জন

কংক্রিটৰ অট্টালিকা

অথবা

বাহ্যিক নগ্লতা ঢাকিবলৈ ৰঙীন পোছাক

তথাপিও পৰিহাস কৰা আমাক

নে পৰিহাস কৰা আমাৰ ভাগ্যক।