স্মৃতি --- বিশ্বজিত নাথ

আবদ্ধ কোঠালিত বহি
দূখৰ চিগাৰেট পি
মাতাল হৈছো আজি

অতীত সুচৰি স্মৃতিৰ কলাজ
সাজি
লিখিব লৈছো এটা কবিতা
তোমাৰ নামত,

মধুৰ সোঁৱৰণিবোৰ ধোঁৱাৰ
কুণ্ডলী হৈ উৰিছে মোৰ মন আকাশত,

তুমিতো আছিলা চঞ্চল পাহাৰীয়া জুৰি
নাচি -বাগি বৈছিলা
মোৰ মন উতলা কৰি

হিয়াৰ ওখোৰা মোখোৰাবোৰ গচকি হৈছিলা উন্মাদ

আজিতো তুমি নোহোৱা মোৰ

হয়তু আজি মূখত মিচিকি হাঁহিৰে
বহি আছা কোনোবা অন্য প্রেমিকৰ হৃদয়ৰ ছাঁত

স্মৃতিৰ কাতৰত কেতিয়াবা সোধো জোনজনীক তোমাৰ বতৰা
হয়তু মোৰ দূখত তাইও নিমাতে ৰয়

তুমি আছিলা মোৰ প্রেমৰ এজাক বৰষুণ
আবতৰীয়া বতৰত পৰি শেষ হৈছিলা তুমি ।

এতিয়া যে খৰাংত চিৰাল ফাট মেলিছে মোৰ হৃদয় পথাৰ
তোমাৰ অবিহনে

আকৌ এবাৰ আহা
মাথো আকৌ এবাৰ আহা জীপাল কৰাহি মোৰ হৃদয় পথাৰ ।