সৰা পাতৰ ৰং --- ৰঞ্জন ভূঞা

ফাগুন ভাল লাগিছিল এটা সময়ত ৷ আজিকালি কিয় নাজানোঁ ফাগুন কিবা ভাল নালাগে ৷ ফাগুনৰ মতলীয়া বতাহ জাকৰ মাজতে তিনিআলিৰ দোকানৰ পৰা ৰেচন খিনি লৈ অহাৰ উদ্দেশ্যে আগবাঢ়িছোঁ লাহে-লাহে ৷ তিনি কুৰি দহ তা বছৰ আয়ুস খালো যদিও মই এতিয়াও কঁকাল ভগা বিৰালী হোৱা নাই ৷ নিজৰ কাম নিজেই কৰো ৷ অৱশ্যে পেঞ্চনৰ টকা কেইটা ভতিজা তোয়েই আনি দিয়ে, ল'ৰা হতে অকলে যাব নিদিয়ে, তাকেই দায়িত্ব দিছে ৷ ঔষধৰ দায়িত্ব দিছে ৰুদ্ৰৰ পুতেক'ক ৷ সি দুই-এটকা হেৰ-ফেৰ নকৰা নহয় , এই অমুকাক কি ফাঁকি দিব গলত ধৰিলেই উকটি পেলাব ৷ পিছে মই একো নকওঁ ৷ বান্দৰে কি সাগৰ'ৰ পানী খাই শেষ কৰিব ৷ ভগৱানৰ কৃপাত সকলো আছে বুলিয়েই ক'ব পাৰি ৷ ডেৰ কুৰি বছৰ মাষ্টৰী কৰিলোঁ ৷ দুইজন লৰা অভিযন্তা ৷ ডাঙৰ লৰাতো দিল্লীত আৰু সৰু ল'ৰাতো বাংগালোৰ ত থাকে পৰিয়াল স'হ ৷ দুই জনেই কোম্পানিত চাকৰি কৰে ৷ ফোনত খা-খবৰ নোলোৱাকৈ নাথাকে ৷ আজি ফোন এটা কৰিব লাগিব ৷ মা'ক ৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী চ'ত পূৰ্ণিমাতেই পৰিব ৷ সিহঁত নাহিব ছাগে ৷ সিহঁতকো আজিকালি কিবা অচিনাকি-অচিনাকি লগা হল ৷ প্ৰথমতো মৃত্যু বাৰ্ষিকীত বোৱাৰী আৰু নাতিনী কেইটা নাহিল ৷ সিহঁত দুইটাৰ লগত ভালদৰে কথা পাতিবলৈ নাপালোঁ ৷ বাৰ্ষিকীৰ পাছৰ দিনা পুৱা ভৰিখন চুই " দেউতা মই যাওঁ" বুলিহে ক'লে ৷ তাৰ পাছৰ পৰা সিহঁত আৰু অহা নাই ৷ বণিয়াৰ চাকৰি সময়েই নাই ৷ নাতিনী কেইটাৰ স্কুল আছে ৷ স্কুল বেছি ক্ষতি কৰিলে বোলে পৰীক্ষা দিব নিদিয়ে ৷ নাজানোঁ আৰু কি স্কুল ৷ সিহঁতে কৈছে যদি সঁচাই ৷ বোৱাৰী ৰ ওপৰত বিশ্বাস নাই যদিও ল'ৰা হতে মোক মিছা নামাতে ৷ নাতিনী কেইটাৰ লগত হেঁপাহ পলুৱাই এবাৰ খেলিবলৈ নাপাওঁ তেই ভগাবানে লৈ যায় বুলি ভাবি মনতো সেমেকি উঠে ৷ মাক'কৰো সেই হেঁপাহ থাকি গ'ল ৷ সৰু লৰাতো ৰ ছোৱালীজনীৰ মুখ মাকে দেখিবলৈও নাপালে ৷ খবৰটোহে শুনিলে ৷ এ'ৰা লৰা-ছোৱালী বেছি শিক্ষিত হ'লেও বেয়া ৷

: মাষ্টৰ নে ?

: অ মণ্ডল কোনফালে

: কি ক'বা আৰু জী-জোৱাই আহিছে নাতিনী জনীও আহিছে বোলো মঙহে কে অলপ লৈ যাওঁ ৷

: এ'হ তুমি দেৰি কৰিলা নহয়, পাবা জানো এতিয়া ৷

: কি ক'বা হে মাষ্টৰ, কাজিয়া ভাঙোতেই বিয়লি হল নাতিপুতি কেইটাৰ বুজিছা ৷ ইয়াত নাপালে জামুগুৰিৰ হাটলৈকে যাব লাগিব হে হেহে ৷ মণ্ডলৰ ৰ'সাল কথা আৰু আপোন ভূ-লোৱা হাঁহি শুনি-শুনি ভবেন ৰ দোকানৰ পৰা ৰেচন কেইপদ লৈ আকৌ ঘৰমুৱা হলো ৷ পচোৱা জাকে যেন আগেই বাঢ়িব নিদিব ৷ অগা-বগা কৰি আছে বাৰে-বাৰে ৷ ল'ৰা দুটাৰ লগ'তে ছোৱালী এজনীৰ প্ৰয়োজনতো অনুভব কৰা নাছিলোঁ যদিও এতিয়া বাৰুকৈ কৰিছোঁ ৷ মাক অনাখৰী যদিও দূৰদৰ্শী আছিল ৷ সেই বাবেই হয়তো মোক আৰু এটা সন্তানৰ কাৰনে কেইবাবাৰো কৈছিল , বিশেষ কৈ ছোৱালী সন্তান ৰ বাবে ৷ মই উপদেশত কৈ আৰ্হি ভাল বুলি ভাবি আদৰ্শ এটা সন্মুখত ৰাখি আৰু সন্তান নিবিচাৰিলোঁ ৷ তাই এৰি যোৱাৰ পৰতো একেটা আক্ষেপেই কৰি গ'ল ৷ ঠিকেই আজি আমাৰ জীয়াৰী এজনী থকা হ'য় খবৰ খাটি লৈ থাকিলে হয় ৷ নাতি কেইটাৰ মাতত ঘ'ৰখন মৰিশালি গুছি ঘ'ৰ হল হয় ৷ মাকো দুইদিনমান বেছিকৈ জীয়াই থাকিল হয় ৷ ভালেই হ'ল তাই মোতকৈ আগতেই গ'ল ৷ তাই হয়তো এই অকলশৰীয়া জীৱনতো সহ্য কৰিব নোৱাৰিলে হয় ৷ লৰা দুটা বিয়া পতালৈকে হে আমাৰ আছিল ছোৱালী এজনী থকা হয় তাই আজিও আমাৰে হৈ থাকিলে হয় ৷ পিছে ল'ৰহতে সিঁহতৰ লগতে লৈ যোৱাৰ কথা নোকোৱাকৈ নথকা নহয় মাক'কৰ মৃত্যুৰ পাছত , ৷ মই হে মন নকৰিলোঁ ৷ আধুনিক সমাজখনৰ আধুনিক ল'ৰা-বোৱাৰীৰ লগত নিজকে খাপ-খোৱাব নোৱাৰিম বুলি ভাবিয়েই তাইৰ স্মৃতি বিৰাজিত ঘ'ৰ খনতেই থাকিলোঁ ৷ মই পিছে অকলপতীয়া স্বভাৱৰ মানুহ নাছিলোঁ ৷ প্ৰভু য়েকিয় অকলশৰীয়া কৰিলে আজিও নুবুজিলোঁ ৷ মই মৰাৰ পাছত ল'ৰা হতে বা কি ভাবিছে ঘ'ৰ খনৰ কথা ৷ সিহঁতক কলেও সিহঁতে শুনিবই নিবিচাৰে , " দেউতা আপোনাৰ একো নহয়" বুলিহে কয় ৷ সিহঁতে তো নাজানে এই অকলশৰীয়া জীৱনে মোক যে লাহে-লাহে মৃত্যুৰ পথত লৈ গৈ আছে ৷ -----“ দেউতা ক'ৰ পৰা আহিলে -------“৷ ভতিজা বোৱাৰী ৰ মাত সাৰত হে গ'ম পলো ঘ'ৰ পলো য়েই ৷ ----“বজাৰ কৰি আহিলো আই ৷ তুমি হ'বলা চোঁতাল সাৰিছা ৷------ “ হয় দেউতা বতাহ জাকে পাতবোৰ আনি চোঁতাল খন ভৰাই পেলালে " ৷------- তাইৰ পৰা বিদায় লৈ ঘ'ৰলৈ আগবঢ়ালোঁ ৷ বতাহজাক কমিল ৷ গোটেই বাটতো সৰা শুকান পাতৰে ভৰি আছে ৷ মোৰ খোজত উচ-পিছাই উঠিছে শুকান পাত বোৰ ৷ এ'ৰা বসন্তৰ অপেক্ষাত সেউজীয়াৰ পৰা হালধীয়া ৰ আৱৰণ পিন্ধি লোৱা সৰা পাতৰ দুখ কোনে বুজিব ৷ মই ৰং সলাই সৰা পাতৰ ৰং লৈছোঁ ৷ চোঁতালত বহুদিন ধৰি পৰি থকা শুকান পাত ৰ দৰে মই ও এদিন চোঁতাল খনতেই পৰি থাকিম ছাগে মাকৰ দৰে সিহঁত আহি নোপোৱা লৈকে ৷ এতিয়া এজাক বতাহৰ অপেক্ষা মাথো ৷

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,379
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,411
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,961
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,829
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,805