হাতত এজোপা গছ লৈ
নিৰৱত চকুযোৰ লাহেকৈ জপাই দিওঁ
উৰি আহক
অসামন্তিত সপোন এজাক ।
নিজানত অপেক্ষা কৰো অকলে
সেউজ হৈ আশা ।
আজি কালি বাস্তৱ নহয় নিৰল
ক্ষণতে লাগে তেজৰ দাগ
অগ্নি- অনল ,আকাশে বতাহে
পুৰা টায়াৰ গোন্ধ
ক'ত নিমজ উশাহ ?
নিৱাত!!!
হাতৰ নিশ খেলত সহজতে
সৰে জীয়া পাত ।
চকুৰ আগত সহজ হয়,
অম্ভূত কান্দ ।
নিৰৱে চাওঁ
তাৰেই যে অনুৰাগী ।
কৰ পৰা আহিব বিজয়
তুমি মই যদি জেপত
হাত ভৰাই থওঁ ।
মই বিজয়,
তুমি অজয়,
হাতত এজোপা গছ লৈ
কৰো নিৰুদ্ৰৱ ।
তুলি দিওঁ, এটা হাতৰ পৰা আনটো হাতলৈ একোছা ফুল ।
পোখাবোৰ আহক নিধিৰজ্জনা নিভাৱনা বাবে
নিশ্বাসতে গুচি যাব পাৰিম
নিৰলে অকলে
অজান দেশলৈ ।
*******************************
বিঃদ্ৰ ঃ- ইয়াত১/ বিজয়-যি জয় কৰে ।
২/অজয় -যাক জয় কৰিব নোৱাৰি ।