হৃদয়ৰ হাবিয়াস --- মৃণালৰাজ কলিতা

হৃদয়ৰ হাবিয়াস
পৰ্ব্বতৰ শিখৰ
দূৰণীৰ মনোমহা ছবি,
সেমেকা ওঠত
জিলিকি উঠে
সপোন কাজলনৰঙী ।।

উজাগৰি ৰাতিৰ
স্নিগ্ধ সপোন
জোৱাৰৰ অতব্য ধবনি,
আলফুলীয়া দুহাত
বিলয়ৰ হেঁপাহ
ব্যাকুল হৃদয়-বাণী ।।

ওখৰা-মখৰা
কাঁইটীয়া বাট
খোজে প্রতি অসহায়ী,
পথভ্রষ্ট্য পথিক
সংগীবিহীন চগা
ব্যৰ্থ মন-অনুৰাগী ।।

প্রচন্দ ধুমুহা
নিঃসংগ আকাশ
ল’বানে জোনৰ ওৰণি,
একাজলি মৰমৰ
একাজলি চেনেহৰ
মাথোন তুমিয়েই শুভাকাংশী ।।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: অসমীয়া কৌতুক
মুঠ পঢ়ুৱৈ সংখ্যা:2,162
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:716
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,126
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,597
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,073
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,405