ৰঙা কবিতা --- ৰাজীৱ কায়স্থ

সৌ সিদিনা
দেখিছিলো তাইক
শৰণীয়া পাহাৰৰ
হৃৎপিণ্ডত কড়ি
খেলি থকা... ।

অৰুণাচলৰ এটা
আদিম জাতিৰ
দৰেই সুমিউ সুমিউ কৈ সুহুৰিয়াইছিল
তাই,
লঠঙাৰ আঁৰে আঁৰে

মৃম বৃৰ য়াঃমেৰ
গুমৰাগ...লৃগাং আৰু
আপং শিমলুৰ
হেঙুল দাপোণত তাই
অই-নিতম গাইছিল

সৌ সিদিনা
দেখিছিলো; তাই
মোৰ বুকুৰ বুলবুলি
মিবু গালোগত,
নাচিছে গুমৰাগ
পছোৱাৰ বা লাগি ।

পকা পাতৰ
মৰমৰণিত মই
বুজিছিলো, তাই
আহিছে ।

তাই আহিছে বুটা
বছা সাজত হৃদয়ত
মোৰ শিমলুৰ হেঙুল
ফুলাবলৈ...।

তাই পুখুৰীত
নামিছিল আৰু মোক
তাইৰ বুকুৰ
নাহৰফুলীয়াত বুৰাই
লৈছিল ।

চিলাৱতী পথাৰৰ
কদম জুপিত তাইৰ
মৌ চাৱনিৰ আৱেশ
য'ত মোৰ প্ৰেমৰ
বুলবুলি আজিও
আছে নাচি ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:852
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,868
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,718
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,243
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,089