ৱিকিপিডিয়া লিখোঁ আহক --- প্ৰভাকৰ শৰ্মা নেওগ

"ৱিকিপিডিয়া" এখন ইন্টাৰনেট বিশ্বকোষ । বিশ্বৰ যিকোনো বিষয়ৰ ওপৰত শুদ্ধ আৰু নিৰপেক্ষভাৱে জ্ঞান সংগ্ৰহ কৰি সকলোলৈকে বিনামূল্যে উপলব্ধ কৰোৱাৰ প্ৰয়াসেৰে এই আন্তৰ্জাতিক আৰু বহুভাষিক প্ৰকল্পৰ সূচনা কৰা হৈছে। পৃথিৱীৰ বিভিন্ন স্বেচ্ছাসেৱক লেখকে বিভিন্ন স্থানৰ পৰা নিজৰ নিজৰ অৰ্হতা অনুসৰি কোনো বিষয়ত অৱদান দি বিভিন্ন ভাষাত ৱিকিপিডিয়া প্ৰতিষ্ঠা কৰিছে । "ৱিকিমিডিয়া ফাউণ্ডেশ্যন" নামৰ ২০০১ চনত প্ৰথমতে ইংৰাজী ৱিকিপিডিয়াৰপৰা আৰম্ভ কৰা এই প্ৰকল্পৰ অধীনত এতিয়ালৈকে প্ৰায় ৩০ নিযুত প্ৰবন্ধ সম্বলিত ২৮৭ টাৰো অধিক ভাষাৰ ৱিকিপিডিয়া মুকলি হ’ল। বৰ্তমান বিশ্বৰ প্ৰায় ৩৬৫ নিযুত মানুহে ব্যৱহাৰ কৰা এই ৱিকিপিডিয়াবোৰৰ সংখ্যা ভৱিষ্যতলৈও বাঢ়ি গৈ থাকিব ।

অসমীয়া ৱিকিপিডিয়া ২০০২ চনতে সৃষ্টি কৰা হয় যদিও লিখকৰ অভাবত ই ভালেদিন মুজুৰা পৰি আছিল। ২০০৮ চনৰ ওচৰে পাজৰে ফেচবুকৰ এটা গ্ৰুপৰ সহায়ত গঢ়ি উঠা এক অনলাইন তথা অফলাইন কমিউনিটিৰ সদস্যসকলৰ উদ্যোগত ই পুনৰ সক্ৰিয় হৈ পৰে আৰু বৰ্তমান ২০১৪ চনৰ মাৰ্চ মাহত ইয়াত প্ৰায় ২৭৬৪ টা প্ৰবন্ধ আছে। এই কাৰ্য্যৰ বাবে ধন্যবাদৰ পাত্ৰ ৱিকিপিডিয়াৰ লেখকসকল, যাক ৱিকিপিডিয়াৰ ভাষাত সম্পাদক বোলা হয়। এওঁলোক কোনো বিশিষ্ট ব্যক্তি বা নামজ্বলা লিখক বা গৱেষক নহয়, এওঁলোক সাধাৰণ মানুহ যি জ্ঞানৰ মুক্ত বিতৰণৰ ওপৰত বিশ্বাস কৰে। অসমীয়াৰ দৰে এটা সৰু জাতিৰ জাতীয় ভাষাৰ এই উদ্যোগত সম্পাদকসকলৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ ।

কিন্তু দুখৰ বিষয় এয়ে যে অসমীয়া ৱিকিপিডিয়াত বৰ্তমান সক্ৰিয় সম্পাদকৰ সংখ্যা তেনেই কম। সেয়েহে অসমীয়া ৱিকিপিডিয়াৰ বিষয়ে প্ৰচাৰ কৰি সম্পাদকৰ সংখ্যা বৃদ্ধি কৰা খুবেই প্ৰয়োজনীয় হৈ পৰিছে। ইয়াৰ বাবে অসমীয়া ৱিকিপিডিয়াৰ সদস্যসকল ইতিমধ্যেই কেইবাখনো কৰ্মশালা, ৱিকিপিডিয়া মীট-আপ আদিত একেলগ হৈছে আৰু ৱিকিপিডিয়াত কেনেকৈ লিখিব লাগে সেই বিষয়ৰ উপৰিও বিভিন্ন উপায়েৰে নতুন সম্পাদকক আকৰ্ষিত কৰাৰ বিষয়ে আলোচনা কৰিছে। যদিও এনে কাৰ্য্যকলাপ আৰু মিডিয়াৰ দ্বাৰা এইসমূহৰ প্ৰচাৰৰ ফলত অসমীয়া ৱিকিপিডিয়াৰ বিষয়ে জনা মানুহৰ সংখ্যা বাঢ়িছে, সম্পাদকৰ সংখ্যা আশা কৰা অনুপাতত বঢ়া নাই ।

অসমীয়া ৱিকিপিডিয়াত লিখিবলৈ হ'লে কম্পিউটাৰত ইউনিক'ড ব্যৱহাৰ কৰি অসমীয়া লিপিত লিখিব জানিলে আৰু লগতে জাতিটোৰ বা ভাষাটোৰ প্ৰতি "কিবা এটা কৰোঁ" বুলি উদ্বুদ্ধ হ'লেই যঠেষ্ট। অসমীয়া লিপিত লিখিবলৈ অভ্ৰ, ৰ'দালী বা জাহ্নৱীৰ দৰে "ফনেটিক কীব'ৰ্ড" চফ্টৱেৰ আছে। ইহঁতৰ বিশেষত্ব এই যে ৰোমান লিপিত অসমীয়া লিখিলে ইহঁতে তাক অসমীয়া ইউনিক'ড লিপিত লিখি দিয়ে। উদাহৰণ স্বৰূপে অভ্ৰ কীব'ৰ্ড ব্যবহাৰ কৰি "নাম" বুলি লিখিবলৈ "nam" লিখিলেই হ'ল। দুই এটা অৱশ্যে আচহুৱা ধ্বনি যেনে ক্ষ (khx), ঙ (Q) আদি আছে, কিন্তু সামান্য অভ্যাস কৰিলেই এইখিনিও সহজতে মনত ৰাখিব পাৰি। ৰ'দালী বা জাহ্নৱী আদিৰ ক্ষেত্ৰতো একেখিনি কথাই প্ৰযোজ্য, মাত্ৰ সামান্য ইফাল সিফাল ।

ৱিকিপিডিয়াত লিখিবলৈ সহজ। ৱিকি-ৱিকি শব্দৰ অৰ্থই হৈছে "খৰকৈ খৰকৈ"। লিখিবৰ বাবে নিৰ্বাচিত বিষয়টো ৱিকিত সন্ধান কৰিলে যদি পোৱা নাযা্য়, বিষয়টো লিখিবলৈ অনুৰোধ কৰি ৱিকিৰ পৰাই এটা ইৰৰ মেচেজ (error message) দিব। তাত ক্লিক কৰিলে্ই বিষয়টো লিখিবলৈ ৱিকিৰ এডিট ফৰ্ম (edit form) খন দিব। ই এটা ৱৰ্ড প্ৰচেচৰৰ দৰেই, মাত্ৰ লিখি গ'লেই হ'ল। ইয়াত লিখোঁতে আখৰ ফৰ্মেটিঙৰ বাবে বিভিন্ন চিহ্নও ব্যৱহাৰ কৰিব পাৰি যাক ৱিকিটেক্স্ট (wikitext) বোলা হয়। এইখিনিও তেনেই সহজ সৰল আৰু সহজতে শিকি মনত ৰাখিব পাৰি ।

আৰু এটা প্ৰশ্ন সতকাই আহে "কি বিষয়ে লিখিম?" যিকোনো বিষয়ত লিখিব পাৰি, মাত্ৰ ই বিশ্বকোষৰ উপযোগী হ'লেই হ'ল। আপোনাৰ নগৰখন, মহাবিদ্যালয়খন, পঢ়ি থকা বিষয়টো আদি যিকোনো বিষয়ত ৱিকিপিডিয়াত লিখিব পাৰিব। কিতাপ-আলোচনীৰ পাতৰপৰাও উপযুক্ত উদ্ধৃতি সহকাৰে তাত লিখা কোনো বিষয় তুলি দিব পাৰে। অন্য ভাষাৰ ৱিকিপিডিয়াৰ পৰাও অনুবাদ কৰি লিখিব পাৰে। লিখোতে অসুবিধা পালে অনুৰূপ কোনো প্ৰবন্ধৰ আৰ্হি অনুকৰণ কৰিলেই হ'ল। ৱিকিপিডিয়াত কপিৰাই্ট মুক্ত যিকোনো চিত্ৰ বা অন্যান্য মেডিয়া আদি ব্যবহাৰ কৰিবও পাৰি ।

আশাকৰোঁ শিক্ষিত অসমীয়া যুৱক-যুৱতীয়ে অসমীয়া ৱিকিপিডিয়াত লিখাৰ গুৰুত্ব বুজি পাব আৰু মুক্ত জ্ঞানবিতৰণৰ এই প্ৰচেষ্টাত যোগদান কৰিব । ইন্টাৰনেট আজিকালি গাঁৱে গাঁৱে, ফোনে ফোনে সস্তাতে উপলব্ধ । যদি এজনো দুখীয়া ছাত্ৰই ৱিকিপিডিয়া পঢ়ি উপকৃত হ'ব পাৰে তেন্তে ই এক মহৎ কাম নহ'বনে ?

*******************************
অসমীয়া ৱিকিপিডিয়াৰ লিংক :: https://as.wikipedia.org

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,044
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:442
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,059
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,562
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,760