মই আছোঁ বাবেই
তোমাৰ ওঁঠত জিলিকি থাকে নেকি হাঁহি
তুমি অভিমানী হোৱা নেকি
সপোন দেখা নেকি
বাৰে বাৰে আঁতৰি গৈ য়ো
কিয় তোমাৰ শেষ ঠিকনা মোৰ কঙাল হৃদয় ৷
তুমিতো জানাই মন গ'লেই
অদৃশ্য হ'ব পাৰিম
আঁতৰি যাব পাৰিম
তোমাৰ হুমুনিয়াহে ঢুকিনোপোৱা দূৰলৈ ৷
তুমি নদী হ'ব নোৱাৰা
নোৱাৰোঁ মই সাগৰ হ'ব
শুকান পথাৰত মোৰ জন্ম তাতেই মৃত্যু
কিয় ইমান প্ৰেম
কিয় ইমান বিশ্বাস তথাপিও ৷
মোৰ বুকুত অগ্নি শিখা অঙঠা যেন কলিজা
মোক দুৰ্বল কৰি তুমি কিয় জ্বলিব বিচাৰা
ধোঁৱা হৈ উৰিব সপোন
সৰ্ব দিশে দেখিবা মাথো আন্ধাৰ আৰু আন্ধাৰ ৷