valentine….তোমাৰ স’তে হেঁপাহৰ এটি দিন --- প্ৰীতিৰেখা দাস

কটাম বুলি ভাবিছো তোমাৰ স’তে হেঁপাহৰ এটি দিন ৷

হেৰাই যাম সিদিনা তোমাৰ সুনীল চকুৰ গভীৰতাত ৷

নাইবা তোমাৰ পুৰঠ ওঠঁত আঁকি দিম মোৰ

কোমোল ওঠঁৰে এটি দিঘল চুমা …..

সংগোপনে ওমলি থাকিব তোমাৰ আঙুলিৰ ফাঁকত

মোৰ লিহিৰি আঙুলিবোৰ ৷

এক আদিম সুখানুভুতিত

উল্লখিত হৈ পৰিব চৌপাশৰ সময়বোৰ

তুমি মোলৈ উপহাৰ হিছাপে কি আনিবা ?

সোণৰ আঙুঠি ? কাচঁৰ তাজমহল ?নে অন্য কিবা ?

যদি তুমি আনিলাহেতেন মোলৈ এপাহ শুভ্রখৰিকাজাঁই…

মই বৰ সুখি হলোহেতেন জানা…

মই কিন্তু লৈ যাম তোমালৈ দুহাতৰ কুঁকিত ভৰাই

প্রেম আৰু কবিতাৰ আকাশ ৷

সেই দিনটো আমাৰ একান্তয়ে নিজৰ ৷

ইজনে সিজনক আকৌ এবাৰ বুজাৰ ৷

নতুনকৈ অনুভৱ কৰাৰ ,

আগতকৈ বেছি আকুল হোৱাৰ ৷

তুমি ভালপোৱা ৰঙৰ কাপোৰসাঁজ পিন্ধি যোৱা বাবে

তুমি হইতো বাৰে বাৰে কবা আজি তোমাক ধুনীয়া লাগিছে.. ৷ পুলকিত হৈ পৰিব মন ৷

প্রীয় পুৰুষজনৰ মুখত সেই কথাষাৰি শুনিবলৈ

সকলো নাৰীৰে অসীম হেঁপাহ ৷

পাৰিলে তুমি মবাইলটো অফ কৰি থবা হা ৷

বাৰে বাৰে তোমাৰ কামৰ ফোনবোৰে আমাৰ মৌ মিঠা সময়বোৰ বিৰক্ত কৰিব ৷

সেই দিনটো আমাৰ হেঁপাহৰ ৷

সৰু সৰু কথাতে মই সিদিনা অভিমান কৰিমদেই ৷

মোৰ অভিমান ভাগিবলৈ তুমি যে কেনেখন কাঁও বাঁও কৰা মোৰ বহুত ভাল লাগে জানা ৷

আমি সিদিনা বহুত কথা পাতিম ৷

প্রেমৰ…জীৱনৰ…কিম্বা আমাৰ সোণালী ভবিষ্যতৰ ৷

দুঃখ লাগিলে তোমাৰ বুকুত সোমাই

মই উচুপি উচুপিও কান্দিম

দুহাতৰ তুলুৱাৰে তুমি মোৰ চকুপানী মচি দিবা ৷

পাৰ ভাঙি বৈ অহা অশ্রুকণাবোৰ

তোমাৰ আঙুলিৰ পৰশত

হৈ পৰিব একো একোটা ৰূপোৱালী তৰা ৷

যিয়ে ক্ষনিকতে পোহৰাই পেলাব মোৰ

কলিজাঁৰ অমানিশা ৷

মই আওৰাম কবিতা ৷তুমি গুনগুনাই শুনাবা প্রীয় গীত ৷

সেই দিনায়ে মই তোমাৰ নতুনকৈ প্রেমত পৰিম ৷

চকুত চকু থৈ আকৌ এবাৰ কম তোমাক ভালপাঁও বুলি ৷ সেই দিনটো আমাৰ প্রেমৰ দিন ৷আকাংক্ষাৰ দিন ৷

হেল্লো….হেল্লো….তুমি শুনি আছানে ? ১৪ ফেব্রুৱাৰি…. ক’ত লগ পাম তোমাক ???

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,294
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,890
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,443
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,740
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:396