প্ৰশ্ন - সমাৰ্থক শব্দ কাক বোলে ?
এটা শব্দই যেনেদৰে ভিন ভিন অৰ্থ বুজাব পাৰে, তেনেদৰে একে অৰ্থ বুজাব পৰা একাধিক শব্দ ভাষাত থাকে ৷ একে অৰ্থ বুজোৱা শব্দবোৰকে সমাৰ্থক শব্দ বোলা হয় ৷
তলত সমাৰ্থক শব্দ কেইটামানৰ উদাহৰণ দিয়া হ’ল-
নদী – নৈ,সৰিৎ,স্ৰোতৱতী, তৰংগিণী ৷
ৰাতি – নিশা, ৰজনী, ক্ষমা, ক্ষণদা, যামিনী, বিভাৱৰী ৷
চন্দ্ৰ – নিশাপতি, নিশাকৰ, শশী, শশধৰ, শশাংক, জোন, জোনবাই, চন্দ্ৰমা ৷
সূৰ্য – দিননাথ, দিবাকৰ, ৰবি, ভানু, ভাস্কৰ, অৰুণ, তপন, আদিত্য, প্ৰভাকৰ, দিনকৰ, দীনবন্ধু,বেলি, মিহিৰ, সবিতা ৷
ঈশ্বৰ – প্ৰভু, বিধি, বিধাতা, জগপতি, জগদীশ, ধাতা, পৰমেশ, পৰমেশ্বৰ, জগন্নাথ, ভগৱান ৷
আকাশ – নীলিমা, গগন, অম্বৰ ৷
অগ্নি – জুই, বহ্নি, পাৱক, অনল ৷
বায়ু – বতাহ, পৱন, সমীৰ, সমীৰণ, অনিল ৷
অমৃত – সুধা, পঞ্চামৃত (দধি, দুগ্ধ, ঘৃত, মধু, চেনী), পীয়ূষ ৷
অলংকাৰ – বিভূষণ, গহনা, ভূষণ আভৰণ, গহণা ৷
অসীম – অশেষ, সীমাহীন, অনাদি , অনন্ত ৷
আখৰ – লিপি, বৰ্ণ, হৰফ, বৰ্ণমালা ৷
আবেলি – বিয়লি, ভাটিবেলা, অপৰাহ্ণ ৷
আধুনিক – সাম্প্ৰতিক, বৰ্তমান কালৰ ৷
আবেদন – আহ্বান, নিবেদন, গোহাৰি ৷
ইহজনম – ইহলীলা, পাৰ্থিব ৷
ইন্দ্ৰ – দেৱৰাজ, সুৰেন্দ্ৰ, শচীন্দ্ৰ ৷
উপবাস – ব্ৰত, অনশন, লঘোন, অনাহাৰ ৷
উপাসনা – পূজা, বন্দনা, আৰাধনা, অৰ্চনা ৷
ঘৰ – পঁজা, গৃহ, আলয়, আবাস ৷
চকু – নেত্ৰ, অক্ষি, চক্ষু, নয়ন ৷
চৰ্চা – অভ্যাস, সাধনা, অনুশীলন, আখৰা ৷
ঢৌ – তৰংগ, হিল্লোল, লহৰ ৷
তুলনা – ৰিজনি, সাদৃশ্য, উপমা, সমৰূপতা ৷
তেজ – শোণিত, ৰক্ত, ৰুধিৰ ৷
দৰ্শন – নিৰীক্ষণ, পৰ্যাবেক্ষণ, অৱলোকন ৷
দুখীয়া – গৰীৱ, ভিকহু ৷
ধুমুহা – তুফান, বা-মাৰলী, বৰদৈচিলা ৷
নাৰী – স্ত্ৰী, মহিলা, ৰমণী, কামিনী ৷
নিয়ৰ – শিশিৰ কণা, নীহাৰ, শিশিৰ ৷
নিপুন – পাকৈত, পটু, কৌশলী ৷
পণ – শপত, সংকল্প, অংগীকাৰ ৷
পদুম – শতদল, পংকজ, কমল, পদ্ম, শতপত্ৰ ৷
বতাহ – পৱন, সমীৰ, সমীৰণ, বায়ু ৷
বিষ্ণু – নাৰায়ণ, হৰি, মাধৱ, শ্ৰীনাথ ৷
মেঘ – নীৰদ, ডাৱৰ, অভ্ৰ, জলধৰ ৷
মোক্ষ – মুক্তি, নিবৃত্তি, পৰমগতি ৷
হাতী – ঐৰাৱত, গজ, হস্তী ৷
ৰঙা – ৰক্তিম, ৰাতুল, লোহিত, ৰক্তাভ ৷
ৰজা – নৃপতি, ভূপতি, নৰেশ্বৰ, নৰপতি, লোকপাল ৷
লক্ষ্মী – নাৰায়ণী, পদ্মা, লখিমী ৷
শিৱ – কৈলাসপতি, মহাদেৱ, শংকৰ, ত্ৰিলোচন, হৰ, ভোলানাথ ৷
যজ্ঞ – আহুতি, হোম, হোমাগ্নি ৷
শ্ৰীকৃষ্ণ – গোপাল, যদুমণি, মদনগোপাল, কানাই, দৈৱকী নন্দন ৷
আগলৈ ...