জল-দেৱতা আৰু খৰিকটীয়াৰ সাধু

বহু দিন আগৰ কথা এখন গাওঁত এজন খৰিকটীয়া আছিল ৷ সি দিনৰ দিনটো হাবিত খৰি কাটি সেই খৰি আনি বজাৰত বিক্ৰী কৰি ঘৰখন পোহপাল দি আছিলে ৷ এদিনাখনৰ কথা খৰিকটীয়াই এখন নৈৰ পাৰৰ হাবিত খৰি কাটি থাকোঁতে হঠাৎ তেওঁৰ হাতৰ পৰা কুঠাৰখন সুলকি নৈত পৰিল ৷ সেই কুঠাৰখনেই খৰিকটীয়াৰ পৰিয়ালটোৰ একমাত্ৰ জীৱিকাৰ উপায় আছিল ৷কুঠাৰখন এনেদৰে পানীত পৰাত তেওঁ উপায়বিহীন হৈ নৈৰ পাৰতে বহি কান্দিবলৈ ধৰিলে ৷ খৰিকটীয়াই এনেদৰে কান্দি থাকোঁতেই এজন জল দেৱতা পানীৰ পৰা সোণৰ কুঠাৰ এখন হাতত লৈ উঠি আহি খৰিকটীয়াৰ সন্মুখত থিয় হ’ল – জল-দেৱতাই সুধিলে – “হে খৰিকটীয়া এই খনেই তোমাৰ হেৰুৱা কুঠাৰ নেকি ?”

খৰিকটীয়াই জল-দেৱতাৰ হাতত থকা সোণৰ কুঠাৰখনৰ ফালে চাই ক’লে – “হে জল-দেৱতা এই খন মোৰ কুঠাৰ নহয় ৷”

উত্তৰটো শুনি জল-দেৱতাই পানীত বুৰ মাৰি এইবাৰ এখন ৰূপৰ কুঠাৰ লৈ উঠি আহি খৰিকটীয়াক দেখুৱালে ৷ খৰিকটীয়াই এইখনো তেওঁৰ নহয় বুলি ক’লে ৷ এইবাৰ জল-দেৱতাই পুনৰ পানীত বুৰ মাৰি খৰিকটীয়াৰ আচল কুঠাৰখন আনি দেখুৱালে ৷ খৰিকটীয়াই নিজৰ কুঠাৰখন দেখি নিজৰ চকুলো ৰখাব নোৱাৰিলে আৰু তেওঁ ভঙা ভঙা মাতেৰে ক’লে হয় এইখনেই তেওঁৰ কুঠাৰ ৷খৰিকটীয়াৰ এই সাধুতাত জল-দেৱতা সন্তুষ্ট হৈ তিনিওখন কুঠাৰেই তেওঁক দি দিলে ৷

খৰিকটীয়াই হাবিৰ পৰা আহি তেওঁৰ লগত ঘটা ঘটনাটি গাওঁৰ মানুহৰ আগত প্ৰকাশ কৰাত আন এজন মানুহে নৈখনৰ পাৰত আহি নিজৰ ইচ্ছাকৃতভাৱে লগত লৈ আহা কুঠাৰখন পানীত পেলাই কান্দিবলৈ ধৰিলে ৷তেতিয়া জল-দেৱতাই আগৰ দৰেই এখন সোণৰ কুঠাৰ হাতত লৈ উঠি আহি দেখুৱালে ৷ খৰিকটীয়াজনে সেইখনেই তাৰ কুঠাৰ বুলি ক’লে ৷ খৰিকটীয়াজনৰ এই মিঁছা কথাত জল-দেৱতাৰ খঙ উঠিল আৰু তেওঁ কুঠাৰখনৰ সৈতে পানীত বুৰ মাৰিলে আৰু উঠি নাহিল ৷ ফলত বেচেৰাই নিজৰ কুঠাৰখনো হেৰুৱাবলগীয়া হ’ল ৷

(শিক্ষা – সততাই জীৱন ৷ আনৰ বস্তুৰ প্ৰতি লোভ কৰিলে নিজৰ খিনিও হেৰুৱাব লগীয়া হয় ৷ )