এনেকৈ ক'বলৈ থকাহেঁতেন... --- প্ৰাণজিৎ বৰুৱা

এনেকৈ ক'বলৈ থকাহেঁতেন ...
তুমি ক'লা ছাৰ্টটো নিপিন্ধিবা ভাল নালাগে ।
আৰু মোছ খিনি নাৰাখিবাছোন দেখি কেনেকুৱা লাগে !
তুমি ফিট হৈ বাইক খন চলাবা, তামোল কিয় খোৱা বেয়া বস্তু বোৰ নাখাবা ।
এনেকৈ কোনোবা ক'বলৈ থকাহেঁতেন ...
বিদ্যা আখৰে আখৰেই মানিলোহেঁতেন ।

''এবাৰ কৈ দিব মোৰ শপত চিগাৰেট নুচুবা !'
জিন্দেগী চিগাৰেটৰ ফটোও নাচাওঁ ।
এবাৰ যদি ক’লেহেঁতেন মদ নাখাবা !
মদৰ ছাঁটোও কোনোদিনে হাত নলগাওঁ ।
এনেকৈ কোনোবা ক'বলৈ থকা হেঁতেন,
চাল্লা মই চাগে আটাইতকৈ ভাল মানুহটো হৈ গ'লোহেঁতেন ।

তাই ধুনীয়া জনী হৈ আহি মোৰ আগত এটা এটাকৈ অভিমানেৰে তাইৰ আব্দাৰবোৰ কৈ গ'লহেঁতেন ,
আৰু মইয়ো বিনা প্ৰতিবাদে মানি গ'লোহেঁতেন ।

কিমান যে ভাল হ'ল হয়...
যদি এনেকৈ ক'বলৈ কোনোবা থকা হ'লে,
পৃষ্ঠা পৃষ্ঠা যোৰা কবিতা লিখিলো হয় ,
জোন বেলি তৰা কোনো বাদ নপৰিল হেঁতেন !
তাইক তুলনা কৰিবলৈ হয়তো শব্দবোৰো কম হৈ পৰিল হয় ।

"মোক লৈ ইমান ধুনীয়া কবিতা নিলিখিবাছোন মই পাগল হৈ যাম !"
--কি যে অনুভৱ হলহেঁতেন
যদি সচাঁকৈ এনেকৈ ক'বলৈ কোনোবা থকাহেঁতেন ।

যদি মই ভাল হোৱাটো কোনোবাই সঁচাকৈয়ে বিচাৰে,
মোৰ বদ অভ্যাসবোৰ চাগে কৰ্পূৰ হৈ উৰি গ'লহেঁতেন ।
মোৰ জীৱনৰ প্ৰতি কাৰোবাৰ মায়া থকা হ'লে ;
বাইকৰ স্পীদ চাগে ভুলতো 80-90 ন'হলে হেতেন ।

ভোবোকাৰ হৈ নাথাকিলো হেঁতেন কোনোদিন ।
পিন্ধা উৰাতো দিলোঁহেঁতেন বোধহয় চকু ।
আইনা খনো তেতিয়া মোৰ প্ৰিয়ই হ'লহেঁতেন হয়তো !

জীৱনটো সজাবলৈ ভীষণ ব্যস্ত হৈ পৰিলোঁহেতেন চাগৈ ।
মই যে স্মাৰ্টো হৈ পৰিলোঁহেঁতেন তেতিয়া খুউব ।
এখন বেলেগ পৃথিৱীৰ বাসিন্দা হৈ মইটো
উৰিয়ে ফুৰিলোঁহেঁতেন ।

জানে ?
যদি সঁচাকৈয়ে এনেবোৰ কথা ক'বলৈ থকাহেঁতেন কোনোবা ,
মই সম্ভৱ,
সঁচা অৰ্থত
জীয়াই থাকিলোঁহেঁতেন !!

© প্ৰাণজিৎ বৰুৱা
২০ মাৰ্চ ২০১৪

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,144
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,091
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,159
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:788