ফকৰা-যোজনা সমূহ অসমীয়া ভাষাৰ এক অমূল্য সম্পদ ৷ তলত তাৰে কিছুমান আলোচনা কৰা হ’ল :
১. অতি ভক্তি চোৰৰ লক্ষণ ৷
২. আঁঠুৱা চাই ঠেং মেলা ৷
৩. অভ্যাসৰ নৰ কৰ্ণ পথে কৰে শৰ ৷
৪. উলুৰ লগত বগৰী পোৰা ৷
৫. আপোনাৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ কৰা ৷
৬. গৰুৰ আগত টোকাৰী বায় ৷
শিং জোকাৰি ঘাঁহ খায় ৷৷
৭. তুলসীৰ লগত কলপটুৱাৰ মুক্তি ৷
৮. টেঙা আম এবাৰহে বেচিব পাৰি ৷
৯. কিনা হাঁহৰ ঠোঁটলৈকে মঙহ ৷
১০. হাতী মাৰি ভুৰুকাত ভৰোৱা ৷
১১. দেখাক দেখি উঠিল গা
কেতুৰীয়ে বোলে মোকো খা ৷৷
১২. গছত কথা ওঁঠত তেল
নৌ খাওঁতেই শেলবেল ৷৷
১৩.আছে গৰু নাবাই হাল, থকাতকৈ নথকাই ভাল ৷
১৪. আইৰ সমান হব কোন, নৈৰ সমান বব কোন ৷
১৫. আপোন ভালেই জগত ভাল ৷
১৬. আগৰ হাল যিফালে যায়, পাছৰ হালো সিফালে যায় ৷
১৭. উপকাৰীক অজগৰে খায় ৷
১৮. এশ গৰু মাৰিলে বাঘৰো মৰণ ৷
১৯. এদিন বামুনৰ, এদিন বহুৱাৰ ৷
২০. এনেই বুঢ়ী নাচনী, তাতে নাতিনীয়েকৰ বিয়া ৷
২১. ওঁঠ চেপিলে গাখীৰ ওলোৱা ৷
২২. ওলায়েই দেখিবা যাক, শতৰু নুবুলিবা তাক ৷
২৩. কালৰো কাল বিপৰীত কাল, হৰিণাই চেলেকে বাঘৰ গাল ৷
২৪. কথাত কটা যায়, কথাত বটা পায় ৷
২৫. খং নামে চণ্ডাল ৷
২৬. গাখীৰ খুৱাই সাপ পোহা ৷
২৭. গছত উঠাই গুৰি কটা ৷
২৮. ছোৱালী আনিবা মাক ভাল, মাটি কিনিবা মাজ খাল ৷
২৯. ছোৱালী বোলে কুৰিতে বুঢ়ী ৷
৩০. দুই মহৰ যুজত বিৰিণাৰ মৰণ ৷
৩১. দুই নাওত দুই ভৰি ৷
৩২. পৰৰ মূৰত কঁঠাল ভঙা ৷
৩৩. পৰুৱাৰ পাখী গজে মৰিবলৈ ৷
৩৪. ফিৰিঙতিত খাণ্ডব দাহ ৷
৩৫. বাঘৰ নেজেৰে কাণ খজুৱা ৷
৩৬. বিনা মেঘে বজ্ৰপাত ৷
৩৭. বাহিৰে ৰং-চং ভিতৰি কোৱা-ভাতুৰি ৷
৩৮. ভালে পায় ভাল, জাবৰে পায় খাল ৷
৩৯. মিছা কথাৰ ঠেং চুটি ৷
৪০. মূৰ্খ বন্ধুতকৈ জ্ঞানী শত্ৰুৱেই ভাল ৷
আগলৈ …
» বিপৰীতাৰ্থক শব্দ বা বিপৰীত অৰ্থ বুজোৱা শব্দ
» এটা শব্দত প্ৰকাশ কৰা
» অসমীয়া জতুৱা ঠাঁচ
» অসমীয়া বাক্য ৰচনা
» অসমীয়া ফকৰা-যোজনা
» অসমীয়া শব্দৰ লিংগ পৰিৱৰ্তন
» অসমীয়া সমাৰ্থক শব্দ
» অসমীয়া সাঁথৰ
-------------------------------------------
(বিভিন্ন উৎসৰ পৰা সহায় লৈ)